
ফিফা বিশ্বকাপ ২০২৬ (Fifa world cup 2026) আৰম্ভ হ’বলৈ মাজত মাত্ৰ দুটা দিন বাকী থকা অৱস্থাত ইতিমধ্যে ডিফু চহৰক ফুটবল জ্বৰে (Football fever in Diphu town) আগুৰি ধৰিছে।
সমগ্ৰ চহৰখনৰ ফুটবল অনুৰাগীসকলে অংশগ্ৰহণকাৰী ৰাষ্ট্ৰৰ পতাকাৰে দোকান, বাহন আৰু বাসগৃহ সজাই বিশ্বৰ আটাইতকৈ ডাঙৰ ফুটবল এক্সট্ৰাভাগেঞ্জা উদযাপন কৰিবলৈ আৰম্ভ কৰিছে।
দোকান, হোটেল আৰু ঘৰৰ ওপৰত বিভিন্ন দেশৰ পতাকা উৰি ফুৰা দেখা গৈছে, আনহাতে গাড়ী-মটৰ চাইকেলত সমৰ্থকৰ প্ৰিয় দলৰ ৰঙেৰে সজাই তোলা হৈছে। সমগ্ৰ চহৰখনৰ দেৱাল আৰু ষ্ট’ৰফ্ৰন্টত জাৰ্চি, ল’গ’ আৰু ফিফা থিমৰ সজ্জাও প্রত্যক্ষ করা গৈছে।
১১ জুনর পৰা অনুষ্ঠিত হ’বলগীয়া বিশ্বৰ সর্ববৃহৎ এই প্ৰতিযোগিতাখনৰ উদ্বোধনী মেচখনৰ বাবে ফুটবল অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে।ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম (আই এছ টি) অনুসৰি ১২ জুনত পুৱা ১২.৩০ বজাত খেলখনৰ আৰম্ভণি হ’ব।
সমগ্র বিশ্বৰ লগত ফের মাৰি বিশ্বকাপ ফুটবলক আদরিবলৈ সাজু হোয়া ডিফু চহৰত আটাইতকৈ চকু কপালত তুলিব পৰা প্ৰদৰ্শনীৰ ভিতৰত এটা দেখা যায় ৰংগনিহাঙৰ চাৰ্চ ৰোডৰ এল বিছ বেকাৰী এণ্ড কনফেকচনেৰীত। কেৱল ডিফুতে নহয়, সমগ্ৰ কাৰ্বি আংলং আৰু চুবুৰীয়া জিলাসমূহতো ঘৰুৱা নাম হিচাপে পৰিগণিত হোৱা বেকাৰীখনে অংশগ্ৰহণকাৰী জাতিৰ পতাকাৰে চৌহদ সজাই তুলিছে। দোকানৰ সন্মুখত বিশ্বকাপ ফুটবলত অংশগ্রহণকারী দেশসমূহৰ সৰু সৰু পতাকাও বিক্ৰী কৰা হৈছে। এই সংবাদদাতাৰ সৈতে হোৱা বার্তালাপত ফুটবলৰ প্ৰতি আকৰ্ষিত এল ভিছর স্বত্বাধিকাৰী ৰোহিলা ইংতিপিয়ে কয় যে ফিফা বিশ্বকাপ হৈছে চাৰি বছৰৰ মূৰে মূৰে এবাৰ অহা এক বিশেষ অনুষ্ঠান। চাৰি বছৰত এবাৰহে এই সুযোগ আহে, আৰু আমি বিশ্বৰ এই সৰ্বশ্ৰেষ্ঠ ফুটবল কাৰ্নিভালটো উদযাপন কৰা উচিত বুলিও মন্তব্য কৰে। নিজৰ প্ৰিয় দলৰ বিষয়ে সোধাত ইংতিপিয়ে কয় যে তেওঁ এই বছৰ ফ্ৰান্সক সমৰ্থন কৰিব।’সকলোৰে নিজৰ নিজৰ নিজর পছন্দ আছে, কিন্তু এইবাৰ মই ফ্ৰান্সক সমৰ্থন কৰিছো।২০২২ চনৰ বিশ্বকাপৰ সময়ত কাইলিয়ান এমবাপেৰ শৈলী আৰু প্ৰতিভাই মোক আপ্লুত কৰিছিল, আৰু মই আশা কৰিছো যে ফ্ৰান্সে পুনৰ ভাল প্ৰদৰ্শন কৰিব।’ ইয়াৰ উপৰিও জাৰ্মানী, ক্ৰ’ৱেচিয়া, জাপান আৰু দক্ষিণ কোৰিয়াক তেওঁৰ প্ৰিয় দলৰ ভিতৰত স্থান দিয়ে।

প্ৰতিযোগিতাখনৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি থকা আন এগৰাকী ফুটবল অনুৰাগী হৈছে কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ ফুটবল সম্পাদক তথা কাছাৰ পৰিচালক হৰেণ ইংতি কাথাৰ। কেইবাখনো প্ৰতিযোগিতাত জিলা আৰু ৰাজ্য দুয়োখনকে প্ৰতিনিধিত্ব কৰা এজন প্ৰাক্তন ফুটবলাৰ ইংতিয়ে ফিফা বিশ্বকাপর পরা নিজক কেতিয়াও আতরাই রখা নাই। তেওঁ কয় যে এইবাৰ মই জাপানক সমৰ্থন কৰিছো।এইটো এছিয়াৰ অন্যতম শক্তিশালী দল আৰু বছৰ বছৰ ধৰি ধাৰাবাহিকভাৱে উন্নতি সাধন কৰি আহিছে। তেওঁ লগতে কয় যে জাপান মোৰ প্ৰিয় দল, আৰু মোৰ বিশ্বাস তেওঁলোকে গোটেই পথটো অতিক্রম করি বিশ্বকাপ জয় কৰিব পাৰে। ২০২৫-২৬ ছিজনত ইণ্ডিয়ান ফুটবল লীগ-২ত চতুৰ্থ স্থান দখল কৰা কাৰ্বি আংলং মৰ্নিং ষ্টাৰ এফ চিৰ মেনেজাৰ তথা প্ৰশিক্ষক ৱাইছং বেও এই প্ৰতিযোগিতাখনৰ বাবে আগ্ৰহেৰে বাট চাই আছে। নিজেই এজন ফুটবলাৰ বেই নিজৰ ক্লাবৰ সদস্যসকলৰ সৈতে বিশ্বকাপ উপভোগ কৰাৰ পৰিকল্পনা কৰিছে।”ফুটবল হৈছে বিশ্বৰ আটাইতকৈ ডাঙৰ খেল, আৰু সকলোৱে বিশ্বকাপ উপভোগ কৰিব বিচাৰে। এইবাৰ মই ফ্ৰান্স আৰু পৰ্তুগালক সমৰ্থন কৰিছো কাৰণ দুয়োটা দলতে বহু প্ৰতিভাৱান আৰু বিশ্বমানৰ খেলুৱৈ আছে” বুলি মন্তব্য করি বেই ভৱিষ্যদ্বাণী কৰে যে দুয়োটা দল ফাইনেলত স্থান লাভৰ বাবে শক্তিশালী প্ৰতিদ্বন্দ্বী হ’ব পাৰে।
চহৰখনৰ আবেগিক ফুটবল সমৰ্থকৰ ভিতৰত আছে পুলিচ ৰিজাৰ্ভৰ সমীপৰ ৰংপিৰবিৰ পুতুল বৰা। জাৰ্মানীৰ আজীৱন সমৰ্থক বৰা বিশ্বকাপ উদযাপনৰ বাবে বহু বছররে পৰা স্থানীয়ভাৱে সুপৰিচিত হৈছে। প্ৰতিবাৰ ফিফা বিশ্বকাপ আহিলেই তেওঁৰ বাসগৃহত অংশগ্ৰহণকাৰী দেশসমূহর ৰাষ্ট্ৰৰ পতাকা, কিংবদন্তি ফুটবলাৰৰ ফটো, ফিফাৰ মাস্কট আৰু অনুৰাগীৰ স্মৃতিচিহ্নৰে সজাই তোলা হয়।
পূৰ্বৰ সংস্কৰণসমূহৰ সময়ত তেওঁৰ বাসগৃহত শ শ স্থানীয় বাসিন্দা, ফুটবল অনুৰাগী আৰু বন্ধু-বান্ধৱীয়ে একেলগে মেচ চাবলৈ গোট খাইছিল।
ইতিমধ্যে এইবাৰো তেঁওর প্ৰস্তুতি পূর্ণগতিত চলি আছে। বৰাই প্রতিবছৰৰ দৰেই নিজৰ বাসগৃহৰ চোতালখন বিশ্বকাপৰ স্টেডিয়াম সদৃশ সজাই তুলিছে। য’ত প্ৰদৰ্শিত হৈছে বিশ্বকাপত অংশগ্রহণকাৰী দলর হ’ৰ্ডিং, বেনাৰ আৰু ৰাষ্ট্ৰীয় পতাকা। বরাই কয় যে প্ৰজেক্টৰৰ সৈতে এটা বিশাল পৰ্দা স্থাপন কৰা হ’ব যাতে ফুটবল অনুৰাগীয়ে একেলগে লাইভ মেচ উপভোগ কৰিব পাৰে।
ফিফা বিশ্বকাপ ২০২৬ৰ কাউণ্টডাউন অব্যাহত থকাৰ সময়তে সমগ্ৰ ডিফুত ক্ৰমাৎ বৃদ্ধি পোৱা উত্তেজনাই ফুটবলৰ প্ৰতি থকা গভীৰ আবেগক প্ৰতিফলিত কৰিছে যিয়ে সমগ্ৰ কাৰ্বি আংলং আৰু ইয়াৰ বাহিৰৰ অনুৰাগীসকলক একত্ৰিত কৰে।













