
সন্ত্ৰাসবাদীবিৰোধী অভিযানৰ সময়ত ভাৰতীয় সেনাৰ এজন বিষয়া ওখ পাহাৰৰ পৰা পিছলি পৰি থিতাতে মৃত্যু হয়। জম্মু-কাশ্মীৰৰ (JK Accident) ৰাজৌৰী জিলাত সংঘটিত হৈছে এই ঘটনা।

জানিব পৰা মতে, শনিবাৰে সন্ধিয়া লেফটেনেণ্ট বীৰেশ্বৰ গোস্বামীয়ে সন্ত্ৰাসবিৰোধী অভিযানত নামিছিল। এই অভিযানৰ চৰকাৰী নাম ‘অপাৰেচন শ্বেৰৱালি’। বিগত ১৬ দিন ধৰি জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাৰ বিভিন্ন স্থানত অব্যাহত আছে এই অভিযান।
বিষয়াসকলে জনোৱা মতে, বীৰেশ্বৰে এটা সৰু পাহাৰীয়া পথত এটা অনুসন্ধান দলৰ নেতৃত্ব দিছিল। সেই অভিযানৰ সময়ত তেওঁ হঠাতে পিছলি পৰে আৰু এটা সৰু পাহাৰৰ শিখৰৰ পৰা ৩০ মিটাৰ দ খাৱৈত পৰে। তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ভাৰতীয় সেনাৰ হোৱাইট নাইট ক’ৰ্পছে।
হোৱাইট নাইট ক’ৰ্পছে এই দুৰ্ঘটনাৰ সবিশেষ প্ৰদান কৰে। দুৰ্গম, ঠেক পাহাৰ আৰু প্ৰতিকূল বতৰৰ মাজতো বীৰেশ্বৰে সন্ত্ৰাসবাদবিৰোধী অভিযানৰ নেতৃত্ব দি থকা বুলি জানিবলৈ দিয়ে। উক্ত অভিযানৰ মাজতে সংঘটিত হয় এই দুৰ্ঘটনা।
মে’ মাহৰ শেষৰ ফালে ‘অপাৰেচন শ্বেৰৱালি’ আৰম্ভ হয়। ৰাজৌৰীৰ দোৰিমল-গম্বিৰ মোগল অঞ্চলৰ ঘন বনাঞ্চলত ভাৰতীয় সেনাই এই অভিযান চলাইছে। অনুমান কৰা হৈছে যে বনাঞ্চলখনত দুইৰ পৰা তিনিজন সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি আছে।
গোপন সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত এই অভিযান চলোৱা হৈছে। সেনাৰ সূত্ৰ অনুসৰি, পাকিস্তানৰ পৰা অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছে সন্ত্ৰাসবাদীয়ে। ইয়াৰ পিছত হাবিত আশ্ৰয় লৈছে। ড্ৰোন আৰু সেনাৰ কুকুৰ ব্যৱহাৰ কৰি এই অভিযান চলোৱা হৈছে।









