
গুজৰাটৰ চুৰাটত শতাধিক ঘৰ (Surat Eviction) ভাঙি পেলোৱা হয়। কিন্তু কাৰ নিৰ্দেশত, কোনে এই ঘৰবোৰ ভাঙিলে ইয়াক লৈ এটা ডাঙৰ ‘ৰহস্য’ৰ সৃষ্টি হৈছে। চুৰাট পৌৰসভাই দাবী কৰিছে যে তেওঁলোকে ঘৰ ভাঙিবলৈ নিৰ্দেশ দিয়া নাছিল। ফলত প্ৰশ্ন উত্থাপন হয়, তেন্তে কাৰো নিৰ্দেশ অবিহনে এই কাম কোনে কৰিলে? এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ বিতৰ্ক আৰম্ভ হৈছে।

জানিব পৰা মতে, যোৱা ৩ জুনত নাচিৰনগৰৰ কাটাগ্ৰামত ইটোৰ পিছত সিটোকৈ ঘৰ ভাঙি পেলোৱা হয়। স্থানীয় সূত্ৰই দাবী কৰা মতে, ঘৰ ভাঙি থকাৰ সময়ত চুৰাট পৌৰসভাৰ বিষয়াসকল সেই স্থানতে উপস্থিত আছিল।
আনকি এই ঘটনাৰ সময়ত আৰক্ষীও উপস্থিত আছিল। অভিযোগ অনুসৰি, এই সমগ্ৰ অভিযান স্থানীয় পৌৰসভা প্ৰশাসন আৰু আৰক্ষীৰ উপস্থিতিত সংঘটিত হৈছিল। কিন্তু পৌৰসভা প্ৰশাসনে এই ঘৰসমূহ ভাঙি পেলোৱাৰ দায়িত্ব অস্বীকাৰ কৰিছে।
তেওঁলোকে এনে কামৰ কোনো আদেশ দিয়া নাই বুলিহে দাবী কৰিছে। ইয়াৰ পৰাই প্ৰশ্ন উত্থাপন হয়, পৌৰ প্ৰশাসনৰ সন্মুখত ঘৰবোৰ ভাঙি পেলোৱা হ’ল, কিন্তু তাৰ পিছত তেওঁলোকে কিয় দায়িত্ব ল’বলৈ অস্বীকাৰ কৰিলে? তেন্তে এই ঘৰবোৰ ভাঙি পেলোৱাৰ নিৰ্দেশ কোনে দিলে? এতিয়া এইটোৱেই হৈছে চুৰাটৰ আটাইতকৈ ডাঙৰ ৰহস্য।
কাটাগ্ৰামৰ বিধায়ক বিনু মৰাদিয়াই এই ঘটনাক ‘অত্যন্ত চিন্তনীয়’ বুলি অভিহিত কৰিছে। কেৱল সেয়াই নহয়, এই ঘটনাৰ সৈতে জড়িত লোকসকলক চিনাক্ত কৰি কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। বিধায়কগৰাকীৰ মতে, “মই পৌৰ আয়ুক্তৰ সৈতে কথা পাতিলোঁ। তেওঁ কৈছিল যে চুৰাট পৌৰসভাই ঘৰ ভঙাৰ কোনো নিৰ্দেশ দিয়া নাছিল। মই জানিব বিচাৰো যে তেন্তে এই কাম কোনে কৰিলে। পৌৰসভাৰ বাহিৰে আন কাৰো এই কাম কৰাৰ কৰ্তৃত্ব নাই। কিন্তু তেওঁলোকে কোনো আদেশ নিদিয়াৰ পিছতো কোনে আইন নিজৰ হাতত লৈছিল। এই ঘটনা কেনেকৈ সংঘটিত হ’ল, সেয়া অতি চিন্তাৰ বিষয়।”
স্থানীয় ৰাইজে দাবী কৰিছে যে নাচিৰ নগৰৰ ব্যক্তিগত প্ৰকল্পৰ বাবে পথটো বহল কৰিবলৈ ঘৰবোৰ ভাঙি পেলোৱা হৈছিল। ঘটনাৰ সময়ত আৰক্ষী আৰু পৌৰসভাৰ বিষয়াসকল উপস্থিত আছিল। অৱশ্যে স্থানীয় লোকৰ এই দাবী অস্বীকাৰ কৰি পৌৰসভাৰ অধ্যক্ষ ৰঞ্জন পেটেলে তেওঁলোকে এই কাম কৰা নাই বুলি দাবী কৰিছে। কোনে এই নিৰ্দেশ দিলে তাৰ তদন্ত অব্যাহত আছে।









