
দেওঁবাৰে সন্ধিয়া লাহৰিজানৰ জামে মছজিদৰ সমীপত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। জানিব পৰা মতে, নাগালেণ্ডৰ ডিমাপুৰ নিৱাসী গুলজাৰ আহমেদ নামৰ এজন ব্যক্তিয়ে এজন ১২ বছৰীয়া কিশোৰৰ ডিঙিত থকা সোনৰ লকেট কাঢ়ি নিয়াৰ চেষ্টা চলায়।

ৰাইজৰ অভিযোগ অনুসৰি, সোনৰ লকেট কাঢ়ি নিয়াৰ সময়ত অভিযুক্তজনে চোকা অস্ত্ৰ ব্যৱহাৰ কৰাত কিশোৰজনৰ ডিঙিত আঘাত লাগে। ঘটনাৰ পিছতে স্থানীয় লোকে কিশোৰজনক উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰে।
খবৰ পোৱাৰ লগে লগে খটখটী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অভিযুক্ত গুলজাৰ আহমেদক আটক কৰে। আহত কিশোৰজন বৰ্তমান চিকিৎসাধীন আৰু তেওঁৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে।

ইফালে, খটখটী আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।












