ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

নামবৰ নদী চাহবাগিচাত চাঞ্চল্যকৰ হত্যাকাণ্ড: পিতৃ-মাতৃক নৃশংস হত্যা, তিনি সন্তান গুৰুতৰভাৱে আহত 

ষ্টাফ ৰি'পৰ্টাৰঃ ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
April 20, 2025
Reading Time: 1 min read
A A
0

RELATED POSTS

West Karbi Anglong : পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত পদত্যাগৰ ধুমুহা!

Karbi Anglong : কাৰ্বি আংলঙৰ লাংহিনত ছবি উপভোগ নোপোৱাৰ বাবে ৰাইজ উত্তেজিত, জ্বলাই দিলে চকী

KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন

New Logo Smal 1 | ASSAM TIMES POST

বোকাজান মহকুমাৰ অন্তর্গত বৰপথাৰ আৰক্ষী থানাৰ অধীনৰ নামবৰ নদী চাহবাগিচা অঞ্চলত যোৱা নিশা এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে। অচিনাক্ত দুর্বৃত্তৰ আক্রমণত তিনিটিকে শিশু গুৰুতৰভাৱে আহত হৈছে। জানিব পৰা মতে যোৱা নিশা নামবৰ নদী চাহ বাগিচাৰ মুণ্ডা বস্তিৰ জুলো মুণ্ডাৰ ঘৰত দুর্বৃত্তই আক্রমণ কৰি জুলো মুণ্ডাৰ দুই কন্যা ক্রমে সীতা মুণ্ডা (১৩), মীৰা মুণ্ডা (১১) আৰু পুত্র সন্তান শংকৰ মুণ্ডা (৯)ক গুকতবভাবে আহত কৰাৰ লগতে দুর্বৃত্তৰ দলটোৱে জুল্লো মুণ্ডা আৰু তেওঁৰ পত্নী পঞ্চমী মুণ্ডাক বেয়াকৈ মাৰপিট কৰাৰ উপৰি নিশাই অপহৰণ কৰি লৈ যায় বুলি তেওঁলোকৰ পুত্র শংকৰ মুণ্ডাই জানিবলৈ দিয়ে।

নামবৰ নদী চাহবাগিচাত চাঞ্চল্যকৰ হত্যাকাণ্ড: পিতৃ-মাতৃক নৃশংস হত্যা, তিনি সন্তান গুৰুতৰভাৱে আহত 
নামবৰ নদী চাহবাগিচাত চাঞ্চল্যকৰ হত্যাকাণ্ড: পিতৃ-মাতৃক নৃশংস হত্যা, তিনি সন্তান গুৰুতৰভাৱে আহত

যোৱা নিশা দুর্বৃত্তৰ আক্রমণত গুৰুতৰভাৱে আঘাতপ্রাপ্ত হোৱা শিশুকেইটাক গোলাঘাট জিলাৰ সৰুপথাৰ চিকিৎসালয়ত প্রাথমিক চিকিৎসাৰ অন্তত উন্নত চিকিৎসাৰ বাবে গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্রেৰণ কৰিছে বুলি জানিব পৰা গৈছে। আনহাতে কালি নিশাৰে পৰা ৰহস্যজনকভাবে নিৰুদ্দেশ হৈ থকা জুলো মুণ্ডা আৰু পঞ্চমী মুণ্ডাৰ উদ্ধাৰ অভিযানৰ লগতে দুর্বৃত্তৰ দলটোৰ অনুসন্ধনাও ইতিমধ্যে বোকাজান মহকুমাৰ মহকুমা আৰক্ষী বিষয়া ৰুস্তমৰাজ ব্ৰহ্মৰ লগতে বৰপথাৰ আৰক্ষী থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়াসহ এটা আৰক্ষী জোৱানৰ দলে নামবৰ নদী চাহ বাগিচাত অভিযান অব্যাহত ৰাখি আজি বিয়লিৰ ভাগত দুয়োগৰাকীকে মৃত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষীৰ এই অভিযানৰ অন্তত জুল্লো মুণ্ডা আৰু পঞ্চমী মুণ্ডাক তেওঁলোকৰ ঘৰৰ পৰা কিছু নিলগত থকা কয়লা খনন কৰা এটা দ’ পুখুৰীৰ পৰা মৃত অৱস্থাত উদ্ধাৰ কৰে। দুর্বৃত্তৰ দলটোৱে জুল্লো মুণ্ডা আৰু পঞ্চমী মুণ্ডাক হাত-ভৰি বান্ধি বস্তাত শিলভৰাই তেওঁলোকৰ ডিঙিত ওলোমাই কয়লা খনন কৰা এটা দ’ গাঁতত পেলাই দি হত্যা কৰা বুলি সন্দেহ প্রকাশ কৰিছে। আজি বিয়লিৰ ভাগত বোকাজান আৰক্ষীৰ দলটোৱে বোকাজান মহকুমাৰ মহকুমা দণ্ডাধীশৰ উপস্থিতিত মৃতদেহ দুটা উদ্ধাৰ কৰি বৰপথাৰ আৰক্ষী থানালৈ লৈ আনে আৰু কাইলৈ মৰণোত্তৰ পৰক্ষীৰ বাবে ডিফু মেডিকেল কলেজ হস্পিতাললৈ প্রেৰণ কৰিব।

উল্লেখ্য যে অচিনাক্ত দুর্বৃত্তব দলটোৱে কি কাৰণত পৰিয়ালটোৰ ওপৰত আক্রমণ চলাই তিনিটি শিশুক গুৰুতৰ ভাবে আহত কৰাৰ লগতে পিতৃ-মাতৃক অতি নৃশংসভাবে হত্যা কৰিলে তাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। আৰক্ষীয়ে ইতিমধ্যে দুর্বৃত্তৰ দলটোৰ বিৰুদ্ধে অনুসন্ধান অব্যাহত ৰাখিছে আৰু আৰক্ষীৰ তদন্তৰ পাছতহে এই নৃশংস হত্যাকাণ্ডৰ প্রকৃত কাৰণ জানিব পৰা যাব।

 

 

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: অচিনাক্ত দুর্বৃত্তঅপহৰণঅভিযান অব্যাহতআৰক্ষী তদন্তআৰক্ষী থানাৰ অধীনউদ্ধার অভিযানউন্নত চিকিৎসাকয়লা খননগুৰুতৰ আঘাতগোলাঘাট জিলাৰ চিকিৎসালয়চাঞ্চল্যকৰ ঘটনাচাহবাগিচাচিকিৎসাজুলো মুণ্ডাডিফু মেডিকেল কলেজনামবৰ নদীনৃশংস হত্যাপরিবার আক্রমণবস্তা হত্যাবিৰোধী অনুসন্ধানবোকাজানবৰপথাৰমহকুমা আৰক্ষীমীৰা মুণ্ডামৃত অৱস্থামৃতদেহ উদ্ধাৰশংকৰ মুণ্ডাশিশু আহতসীতা মুণ্ডাহত্যাকাণ্ডহত্যাকাণ্ড সন্দেহৰুস্তমৰাজ ব্ৰহ্ম
Share6Tweet4Send

Related Posts

West Karbi Anglong : পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত পদত্যাগৰ ধুমুহা!
KARBI ANGLONG

West Karbi Anglong : পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত পদত্যাগৰ ধুমুহা!

by News Desk
October 22, 2026
54
Karbi Anglong : কাৰ্বি আংলঙৰ লাংহিনত ছবি উপভোগ নোপোৱাৰ বাবে ৰাইজ উত্তেজিত, জ্বলাই দিলে চকী
KARBI ANGLONG

Karbi Anglong : কাৰ্বি আংলঙৰ লাংহিনত ছবি উপভোগ নোপোৱাৰ বাবে ৰাইজ উত্তেজিত, জ্বলাই দিলে চকী

by News Desk
October 20, 2026
51
KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন
KARBI ANGLONG

KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন

by News Desk
October 15, 2026
57
Hamren BJP joining : হামৰেণ পৰিষদীয় সমষ্টিত কংগ্ৰেছ-এপিএইছএলচিৰ ২ সহস্ৰাধিক নেতা-কৰ্মীৰ বিজেপিত যোগদান
KARBI ANGLONG

Hamren BJP joining : হামৰেণ পৰিষদীয় সমষ্টিত কংগ্ৰেছ-এপিএইছএলচিৰ ২ সহস্ৰাধিক নেতা-কৰ্মীৰ বিজেপিত যোগদান

by News Desk
October 13, 2026
61
Minister Pijush Hazarika : কৃষি-জলসিঞ্চন, লোকনিৰ্মাণ বিভাগৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি ল’বলৈ হামৰেণত মন্ত্ৰী পীযুষ হাজৰিকা
KARBI ANGLONG

Minister Pijush Hazarika : কৃষি-জলসিঞ্চন, লোকনিৰ্মাণ বিভাগৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি ল’বলৈ হামৰেণত মন্ত্ৰী পীযুষ হাজৰিকা

by News Desk
October 13, 2026
61
Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা
KARBI ANGLONG

Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা

by News Desk
October 3, 2026
59
ADVERTISEMENT
ECI on SIR : এছআইআৰ সন্দৰ্ভত সৰ্বসন্মতিক্ৰমে গাইডলাইন জাৰি, উচ্চতম ন্যায়ালয়ত নিৰ্বাচন আয়োগৰ শপতনামা
National-International

ECI on SIR : এছআইআৰ সন্দৰ্ভত সৰ্বসন্মতিক্ৰমে গাইডলাইন জাৰি, উচ্চতম ন্যায়ালয়ত নিৰ্বাচন আয়োগৰ শপতনামা

October 27, 2026
50
Bilas Inn murder : গুৱাহাটীৰ হোটেল বিলাসৰ হত্যাকাণ্ডক লৈ বৰপেটাৰোডত শোকৰ ছাঁ
Guwahati

Bilas Inn murder : গুৱাহাটীৰ হোটেল বিলাসৰ হত্যাকাণ্ডক লৈ বৰপেটাৰোডত শোকৰ ছাঁ

October 27, 2026
50
Child marriage : বাল্যবিবাহৰ বিৰুদ্ধে পুনৰ কঠোৰ অসম আৰক্ষী, ৰাজ্যৰ বিভিন্ন স্থানত অভিযান চলাই ২ শতাধিকক গ্ৰেপ্তাৰ
Assam

Child marriage : বাল্যবিবাহৰ বিৰুদ্ধে পুনৰ কঠোৰ অসম আৰক্ষী, ৰাজ্যৰ বিভিন্ন স্থানত অভিযান চলাই ২ শতাধিকক গ্ৰেপ্তাৰ

October 27, 2026
50
Rahul Gandhi : মোদীক কওক, জ্ঞানেশক আঁতৰাই দিয়ক, ৩০ ছেকেণ্ডত শেষ হ’ব প্ৰতিবাদ; দিল্লীৰ উদ্বিগ্ন ব্যৱসায়ীলৈ ৰাহুল গান্ধীৰ বাৰ্তা
National-International

Rahul Gandhi : মোদীক কওক, জ্ঞানেশক আঁতৰাই দিয়ক, ৩০ ছেকেণ্ডত শেষ হ’ব প্ৰতিবাদ; দিল্লীৰ উদ্বিগ্ন ব্যৱসায়ীলৈ ৰাহুল গান্ধীৰ বাৰ্তা

October 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

ECI on SIR : এছআইআৰ সন্দৰ্ভত সৰ্বসন্মতিক্ৰমে গাইডলাইন জাৰি, উচ্চতম ন্যায়ালয়ত নিৰ্বাচন আয়োগৰ শপতনামা

ECI on SIR : এছআইআৰ সন্দৰ্ভত সৰ্বসন্মতিক্ৰমে গাইডলাইন জাৰি, উচ্চতম ন্যায়ালয়ত নিৰ্বাচন আয়োগৰ শপতনামা

October 27, 2026
Bilas Inn murder : গুৱাহাটীৰ হোটেল বিলাসৰ হত্যাকাণ্ডক লৈ বৰপেটাৰোডত শোকৰ ছাঁ

Bilas Inn murder : গুৱাহাটীৰ হোটেল বিলাসৰ হত্যাকাণ্ডক লৈ বৰপেটাৰোডত শোকৰ ছাঁ

October 27, 2026
Child marriage : বাল্যবিবাহৰ বিৰুদ্ধে পুনৰ কঠোৰ অসম আৰক্ষী, ৰাজ্যৰ বিভিন্ন স্থানত অভিযান চলাই ২ শতাধিকক গ্ৰেপ্তাৰ

Child marriage : বাল্যবিবাহৰ বিৰুদ্ধে পুনৰ কঠোৰ অসম আৰক্ষী, ৰাজ্যৰ বিভিন্ন স্থানত অভিযান চলাই ২ শতাধিকক গ্ৰেপ্তাৰ

October 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d