ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বোকাখাতত বিজেপি আৰু মিত্ৰজোঁটৰ শক্তি প্ৰদৰ্শনঃ প্ৰায় এক লক্ষ লোকেৰে বোকাখাতত মিত্ৰজোঁটৰ সংকল্প সমাৰোহ

ASSAM TIMES POST by ASSAM TIMES POST
January 24, 2020
Reading Time: 1 min read
A A
0

logo atp | ASSAM TIMES POSTASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাতঃ বোকাখাত ৰাজহুৱা খেলপথাৰত আজি বিজেপি, অগপ আৰু মিত্ৰজোঁটৰে অনুষ্ঠিত “সংকল্প সমাৰোহ”ত বিশাল শক্তি প্ৰদৰ্শন কৰে মিত্ৰজোঁটে প্ৰায় এক লক্ষ লোকৰ উপস্থিতিৰে। সাম্প্ৰতিক সময়ত “কা” আইনক কেন্দ্ৰ কৰি ৰাজ্যখনৰ সৰ্বত্ৰ ৰাজনৈতিক প্ৰেক্ষাপট সলনি কৰি পেলোৱাৰ পৰিপ্ৰেক্ষিতত বিজেপি, অগপ আৰু মিত্ৰজোঁটৰ এই সংকল্প সমাৰোহৰ মিলিত বিশাল জন-সভাত অংশ ল’লেহি অসম অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, ভাজপা অসমৰ সভাপতি ৰঞ্জিত দাস, অসম চৰকাৰৰ বিত্ত, শিক্ষা, স্বাস্থ্য আৰু পৰিয়াল-কল্যান, গড়কাপ্তানী বিভাগৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মা, কৃষি, পশুপালন আৰু পশু চিকিৎসা, উদ্যান, শস্য আৰু খাদ্য সংশাধন বিভাগৰ মন্ত্রী তথা বোকাখাতৰ স্থানীয় বিধায়ক অতুল বৰা, জলসম্পদ, বিজ্ঞান ও প্ৰযুক্তি, তথ্য আৰু প্রযুক্তি আদি বিভাগৰ মন্ত্রী কেশৱ মহন্ত, পঞ্চায়ত ও গ্রামােন্নয়ন, পৰিবেশ ও বন বিভাগৰ ৰাজ্যিক মন্ত্ৰী নৱ দলে, নগৰ উন্নয়ন তথা স্বাস্থ্য ও পৰিয়াল কল্যান বিভাগৰ ৰাজ্যিক মন্ত্রী পিযুষ হাজৰিকা , সাংসদ কামাখ্যা প্ৰসাদ তাচা, মন্ত্ৰী ফনিভূষন চৌধুৰী, বিধায়ক ৰনোজ পেগু, মৃনাল শইকীয়া, সঞ্জয় কিষান,যোগেন মহন, ভবেন বৰুৱা, ৰেনুপ্ৰভা ৰাজখোৱা, তুলিৰা ৰংহাঙ প্ৰমুখ্যে মিত্ৰজোঁটৰ নেতা সকল।

RELATED POSTS

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

WhatsApp Image 2020 01 24 at 04.07.10 | ASSAM TIMES POST

জনগোষ্ঠীয় নৃত্য গীতেৰে সকলোকে আদৰণি জনোৱা হয়। সংকল্প সমাৰোহৰ আদৰণী ভাষণ আগবঢ়াই কৃষি মন্ত্ৰী তথা স্থানীয় বিধায়ক অতুল বৰাই সাম্প্ৰতিক সময়ত কা-বিৰোধী প্ৰতিবাদী আন্দোলনে অসমৰ ৰাইজৰ মাজলৈ অনা ভ্ৰান্তি দূৰ কৰি সুস্থ সবল অসমীয়া জাতি গঢ়ি তুলিবলৈ ৰাইজলৈ আহ্বান জনায়। মন্ত্ৰী জনাই লগতে কয় যে সোনোৱাল চৰকাৰৰ নেতৃত্বত অসম গণ পৰিষদে নিজৰ আদৰ্শত থাকি অসম আৰু অসমীয়া জাতিলৈ সেৱা আগবঢ়াইছে। গড় হত্যা বন্ধ, কাজিৰঙা অবৈধ বেদখল উচ্চেদ, কৃষি ৰ উন্নয়ন সাধন, ২৪ হাজাৰ ৰাজহ গাৱলৈ ট্ৰেক্টৰ প্ৰদান, ১৭ হাজাৰ পাৱাৰ টিলাৰ প্ৰদান, আদি এই চৰকাৰৰ অন্যতম কাৰ্য বুলি ঘোষণা কৰে। আনহাতে অসমৰ বিধান সভাত নব্বৈ শতাংশ আৰু সংসদীয় সমষ্টিৰ এশ শতাংশ আসন , তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ এশ শতাংশ চাকৰি বৰ্তমান চৰকাৰৰ অন্যতম দাবী বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে।

WhatsApp Image 2020 01 24 at 04.07.12 | ASSAM TIMES POST

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে “আমি খিলঞ্জীয়াৰ বিৰুদ্ধে কাম কৰা নাই, নকৰো বুলি দৃঢ় কণ্ঠে ঘোষণা কৰি নিজৰ ভাষণত কয় যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডিৰ গঠনমূলক পদক্ষেপৰ বাবে অসমৰ বিজেপি আৰু মিত্ৰজোঁটৰ চৰকাৰৰ প্ৰচেষ্টাত অসমৰ কৃষ্টি-সংস্কৃতি, সকলো খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ ভাষা আৰু স্বকীয়তাৰ সুৰক্ষা প্ৰদান সম্ভৱ হৈ উঠিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে এই চৰকাৰে ক্ৰমে দুৰ্বল হৈ পৰা অসম চুক্তিৰ ৭ নং দফা অনুসৰি প্ৰতিষ্ঠা হোৱা ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ প্ৰকল্পৰ সাহায্যাৰ্থে ৫,৬০০ কোটি টকা কেন্দ্ৰৰ পৰা মোকলাই আনিবলৈ সক্ষম হৈছে। লগতে নুমলীগড় শোধনাগাৰৰ বাবেও কেন্দ্ৰৰ ২৩ হাজাৰ কোটি টকাৰ ৰাজ সাহায্য মোকলাই অনাৰ কথা সদৰি কৰে। লগতে নুমলীগড় শোধনাগাৰ তিনি মিলিয়ন মেট্ৰিক টনৰ পৰা ন মিলিয়ন মেট্ৰিক টনলৈ উন্নিত কৰা হৈছে। ৩০০ কোটি টকাৰ এইমচ্ হাস্পটাল, অসমৰ তিনিখনকৈ নদী দলঙৰ লগতে নতুন শৰাইঘাটৰ দলং আহিল অসমলৈ কেৱল কেন্দ্ৰীয় বিজেপি চৰকাৰৰ প্ৰচেষ্টাত। মোডী চৰকাৰে অসমলৈ ৪২ হাজাৰ কোটি টকাৰ ৰাজ সাহায্য আগবঢ়োৱা কথা ব্যক্ত কৰি কংগ্ৰেছৰ ৭২ বছৰীয়া কাৰ্যকালত এয়া সম্ভৱ নাছিল বুলি উল্লেখ কৰে। পুনৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এক লাখ খিলঞ্জীয়াৰ হাতত মাটিৰ স্বত্ব তুলি দিয়া হ’ব বুলি ঘোষণা কৰে। অসমৰ চাহ জনগোষ্ঠীৰ বাবে এশখন উচ্চ মাধ্যমিক বিদ্যালয় স্থাপন, ১০ হাজাৰ শিক্ষিত নিবনুৱাক ২৫ হাজাৰকৈ এককালীন সাহায্য, গৰ্ভৱতী চাহ শ্ৰমিকৰ মহিলাক ১২ হাজাৰ টকাকৈ দিয়া হব বুলি ঘোষণা কৰে।

WhatsApp Image 2020 01 24 at 04.07.10 1 | ASSAM TIMES POST

সমাৰোহত দিয়া ভাষণৰ আৰম্ভণিতে “অসমক পিছ পৰি থাকিব নিদিওঁ” বুলি কৈ ভাৰতৰ আন আন ৰাজ্যৰ ভিতৰতে অসমক অন্যতম উন্নত ৰাজ্য হিচাপে প্ৰতিষ্ঠা লাভ কৰোৱাৰ সংকল্প লোৱাৰ কথা ঘোষণা কৰে শিক্ষা মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। লগতে তেওঁ সাম্প্ৰতিক সময়ৰ এনে আন্দোলনে কেতিয়াও অসমীয়াক বিশ্বৰ আগত এটা গঠনমূলক জাতি হিচাপে ডাঙি ধৰিব নোৱাৰে বুলি দোহাৰে। কা সম্পৰ্কে অপপ্ৰচাৰ বন্ধ কৰিবলৈ আহ্বান জনাই শিল্পী জুবিন গাৰ্গক উদ্দেশ্যি ৰসিকতাৰে “মিছা কথা কৈ পলিটিক্স নকৰিবা বন্ধু” বুলিও দোহাৰে শিক্ষা মন্ত্ৰী গৰাকীয়ে। মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাইজক বিপথে পৰিচালিত কৰা হৈছে সমগ্ৰ কা-বিৰোধী আন্দোলনটোৰ দ্বাৰা, কিয়নো আঢ়ৈ কোটি বাংলাদেশী বিদেশী অসমলৈ অহাটো অসম্ভৱ কথা আৰু অসমত বিজেপি চৰকাৰ থকালৈকে এজনো বিদেশী অসমত সোমাব দিয়া নহ’ব। আৰু এজনো যদি মানুহ বাংলাদেশৰ পৰা অসমলৈ আহে তেন্তে বিজেপিয়ে অসমত ৰাজনীতি নকৰে আৰু অসম চুক্তিৰ ৬ নং দফাৰ সাৰ্থক ৰূপায়ণ কৰি অসমক খিলঞ্জীয়াৰ অভেদ্য দূৰ্গ হিচাপে প্ৰতিষ্ঠা কৰাৰ কথা মন্ত্ৰী গৰাকীয়ে ঘোষণা কৰে। অসমত কাঠফুলাৰ দৰে গজি উঠা অবৈধ মাদ্ৰাছা সমূহৰ বিৰুদ্ধে কা-প্ৰতিবাদকাৰীয়ে কোনো ধৰণৰ মাত মতা নাই বুলিও মন্ত্ৰী গৰাকীয়ে আক্ষেপ কৰে। কংগ্ৰেছৰ দিনত অসমত চাৰিখনকৈ আৰৱীক কলেজ হ’ল, তেওঁ লোকে ইছলামিক সাহিত্যৰ বিৰুদ্ধে মাত নামাতে, মিঞা পয়েট্ৰিৰ বিৰুদ্ধে মাত নামাতে, বুলি উল্লেখ কৰে। এইবাৰ কা বিৰুধিতা কৰি ডিমাছা, ৰাভা, টিৱা , কাৰ্বি, মিছিং আদি জনগোষ্ঠী আন্দোলনলৈ ওলাই অহা নাই বুলি উল্লেখ কৰে। কা-ৰ জড়িয়তে অসমলৈ আঢ়ৈ কোটি বিদেশী নাগৰিক আহিব বুলি চলি থকা অপপ্ৰচাৰক নসৎ কৰি কয় যে বাংলাদেশত মাথোঁ দেৰ কোটি হে হিন্দু লোক আছে। এই চৰকাৰে এজনো বাংলাদেশীক নাগৰিকত্ব প্ৰদান নকৰে বুলি ভাষন প্ৰসংগত কয়। এইবাৰ চৰকাৰে ২১ লাখ ছাত্ৰ ছাত্ৰীক বিনামূলীয়া নামভৰ্তি, ২ কোটি ৰাইজলৈ ১ টকীয়া চাউল যোগান ধৰা হৈছে বুলি উল্লেখ কৰি অহাবাৰ সম্পূৰ্ণ বিনামূলীয়া চাউল আৰু দাইল চেনীৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ পঞ্চাশ শতাংশ ৰেহাই মূল্যত যোগান ধৰা হব বুলি উল্লেখ কৰে , লগতে হোষ্টেলত থাকি উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰী সকলক মাহে ৭০০ টকা অনুদান দিয়া হব বুলি জানিবলৈ দিয়ে। ভাৰতীয় জনতা পাৰ্টীৰ আৰু মিত্ৰজোঁটৰ চৰকাৰৰ দিনত অসমৰ জাতি, মাটি, ভেটি, কৃষ্টি, সংস্কৃতি সকলো সুৰক্ষিত হব বুলি দৃঢ়তাৰে উল্লেখ কৰে। উল্লেখ্য যে চলিত বৰ্ষৰ মাৰ্চ মাহত গোলাঘাট জিলাত এখন বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাৰ কথা ঘোষণা কৰে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিজৰ ভাষণৰ শেষত।

সভাত বক্তব্য প্ৰদান কৰি বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে অসমত আবেগক লৈ কৰা বিভিন্ন সংগঠনৰ ৰাজনীতিৰ পৰা আঁতৰি থাকিবলৈ ৰাইজলৈ আহ্বান জনাই কয় যে পুনৰ একত্ৰিত মিত্ৰজোঁটৰ হৈ ২০২১ বৰ্ষৰ অসম বিধান সভাৰ নিৰ্বাচনত অৱতীৰ্ণ হ’ব বিজেপিয়ে। সমাৰোহত আৰু উপস্থিত থাকে গোলাঘাট জিলা আৰু মহকুমাৰ মিত্ৰজোঁটৰ বহু বিষয় ববীয়া আৰু কৰ্মী।

Tags: FeaturedFeatured2
Share12Tweet3Send

Related Posts

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু
Assam

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

by Staff Reporter
June 19, 2026
50
‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 
Assam

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

by Staff Reporter
June 17, 2026
50
Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured
Assam

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

by Staff Reporter
June 14, 2026
50
Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
Assam

Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

by News Desk
June 13, 2026
50
Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান
Assam

Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান

by News Desk
June 13, 2026
50
Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা
Assam

Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা

by Staff Reporter
June 13, 2026
50
ADVERTISEMENT
‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন
KARBI ANGLONG

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

June 21, 2026
50
Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ
National-International

পিএলএৰ এজন ৱাণ্টেড সদস্যক গোৱাত গ্ৰেপ্তাৰ

June 21, 2026
50
মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 
National-International

মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 

June 21, 2026
50
India New Zealand CWC 2023 semi final I বিৰাট কোহলিৰ বিৰাট ৰেকর্ড, শচীনক চেৰ পেলাই এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতকৰ অভিলেখ
National-International

গাজা ষ্ট্ৰিপত পুনৰ আক্ৰমণ ইজৰাইলৰ

June 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

June 21, 2026
Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ

পিএলএৰ এজন ৱাণ্টেড সদস্যক গোৱাত গ্ৰেপ্তাৰ

June 21, 2026
মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 

মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 

June 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx