
চিকিৎসালয়লৈ যোৱাৰ পথত এগৰাকী মাতৃ আৰু তেওঁৰ দুই নৱজাতকৰ মৃত্যু (Death of two newborns with mother) হয়। ঘটনাটোৰ আগদিনা মহিলাগৰাকীয়ে দুটা সন্তানৰ জন্ম দিছিল। কিন্তু তেওঁলোকৰ অৱস্থাৰ অৱনতি হোৱাৰ লগে লগে তিনিওকে একেলগে এম্বুলেন্সত চিকিৎসালয়লৈ (To the hospital in an ambulance) লৈ যোৱা হয়। মহিলাগৰাকীৰ স্বামীয়ে অভিযোগ কৰিছে যে এম্বুলেন্সত অক্সিজেন নথকাৰ (No oxygen in the ambulance) বাবে এই মৰ্মান্তিক ঘটনাটো সংঘটিত হয়।

ঘটনাটো ছত্তীশগড়ৰ কোৰ্বা জিলাত (Korba district of Chhattisgarh) সংঘটিত হয়। ২০ বছৰীয়া কান্তি ৰাথিয়া এগৰাকী অংগনৱাড়ী কৰ্মী আছিল। আৰক্ষীয়ে জনোৱা অনুসৰি, কান্তিয়ে যোগীপালি গাঁৱৰ নিজৰ ঘৰত দুটা সন্তান জন্ম দিয়ে। তেওঁ সাত মাহত সন্তান জন্ম দিছিল। জন্মৰ পিছত দুয়োটা নৱজাতক দুৰ্বল আছিল। কান্তিৰ স্বামীয়ে তেতিয়া তিনিওকে স্থানীয় স্বাস্থ্য কেন্দ্ৰলৈ লৈ যায়। কিন্তু তেওঁলোকৰ অৱস্থাৰ অৱনতি হোৱাৰ লগে লগে তেওঁলোকক কোৰ্বা চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়।
মহিলাগৰাকীৰ স্বামীয়ে অভিযোগ কৰে যে কান্তি আৰু তেওঁৰ দুই নৱজাতকৰ কোৰ্বা চিকিৎসালয়লৈ যোৱাৰ পথত এম্বুলেন্সত মৃত্যু হয়। কাৰণ এম্বুলেন্সত পৰ্যাপ্ত অক্সিজেন নাছিল। এম্বুলেন্সত অক্সিজেনৰ অভাৱত দুই নৱজাতকৰ লগতে মাতৃৰো মৃত্যু হয়। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। ইফালে কোৰ্বা চিকিৎসালয়ে অভিযোগসমূহ অস্বীকাৰ কৰিছে। আৰক্ষীয়ে ভুক্তভোগীৰ পৰিয়ালক জেৰা কৰি তদন্ত চলাই আছে।










