
বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (Kaziranga National Park) আৰু ব্যঘ্ৰ সংৰক্ষিত বনাঞ্চললৈ প্ৰতি পৰ্যটন বৰ্ষতে দেখিবলৈ পোৱা যায় দেশী বিদেশী পৰ্যটকৰ ভীৰ। আজি ৰাষ্ট্ৰীয় উদ্যানখনত অন্ত পৰিব ২০২৩-২৪ পৰ্যটন বৰ্ষৰ। আজিলৈকে খোলা আছিল ২০২৩-২৪ পৰ্যটন বৰ্ষৰ দেশী-বিদেশী পৰ্যটকৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। উল্লেখ্য যে এই বৰ্ষ পৰ্যটকৰ আগমন আৰু বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ৩১ মে’ পর্যন্ত এই সময়সীমা বৃদ্ধি কৰা হয়। বাৰিষা ৰাষ্ট্ৰীয় উদ্যানখন পৰ্যটনৰ বাবে অনুপযোগী হোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰতিবছৰে মে’ মাহত ৰাষ্ট্ৰীয় উদ্যানখন পৰ্যটকৰ বাবে বন্ধ কৰাটো প্ৰচলিত নিয়ম৷ উল্লেখ্য যে ২০২৩-২৪ পৰ্যটন বৰ্ষত উদ্যান কর্তৃপক্ষই পূৰ্বৰ অভিলেখ ভংগ কৰি প্ৰায় ৯ কোটি টকাৰ ৰাজহ লাভ (Revenue gains of Rs 9 crore) কৰি এক সফল পৰ্যটন বৰ্ষ হিচাপে পৰিগণিত হৈছে।
যোৱা ১৫ মে’ত জীপ চাফাৰী আৰু ১ মে’ৰ পৰা উদ্যানখনত হাতী চাফাৰী বন্ধ কৰি দিয়া হৈছিল যদিও পৰ্যটকৰ আগমন আৰু বৃদ্ধিৰ বাবে জীপ চাফাৰী চলাই ৰাখিবলৈ অনুমতি দিয়া হৈছিল। দেশৰ মহামান্য ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ভূটান নৃপতি জিগমে খেছাৰ নামগিয়েল ৱাংচুক, বিখ্যাত ফুটবলাৰ বাইচুং ভূটীয়াকে ধৰি বহু সংখ্যক ভি ভি আই পি-ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন এই ক্ষেত্ৰত উল্লেখনীয় দিশ। যাৰ ফলত কাজিৰঙাৰ পৰ্যটনৰ প্ৰচাৰ বৃদ্ধি পাইছে। প্ৰতিদিনে বন্যপ্ৰানীয়ে দৰ্শনীয়ভাৱে পৰ্যটকৰ সমুখত ধৰা দিয়াৰ ৰোমাঞ্চকৰ দৃশ্য যি দৰে সুলভ হৈছিল, একেদৰেই একাধিকবাৰ গঁড়ে পৰ্যটক পৰিবাহী বাহনলৈ চোঁচা লোৱা লোমহৰ্ষক ঘটনাও সংঘটিত হ’ল।
ইয়াৰ লগতে চলিত পৰ্যটন বৰ্ষত কাজিৰঙাত আৱিষ্কাৰ হ’ল মাটি গাহৰি, দীঘল নেজীয়া নিগনিৰ দৰে কেইবাবিধো বন্যপ্ৰানী। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত চলিত বিত্তীয় বৰ্ষত পূৰ্বৰ তুলনাত পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে ৷ বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাৰ নয়নাভিৰাম দৃশ্য, অতুলনীয় জৈৱ বৈচিত্ৰ দৰ্শৰ বাবে চলিত বৰ্ষত কাজিৰঙালৈ অহা পৰ্যটকৰ পৰিসংখ্যাই পূৰ্বৰ সকলোবোৰ ৰেকৰ্ড ভংগ কৰিবলৈ সক্ষম হৈছে বুলি ৪ এপ্ৰিলত বোকাখাতত থকা সঞ্চালকৰ কাৰ্যলয়ে দিয়া তথ্যত প্ৰকাশ ৷ উল্লেখযোগ্য যে ২৮ বছৰৰ আগতে ১৯৯৬-৯৮ বৰ্ষত কাজিৰঙালৈ অহা পৰ্যটকক সংখ্যা আছিল ১৮,৩৮২ জন।

ইয়াৰ বিপৰিতে ২০২৩-২৪ বিত্তীয় বৰ্ষত কাজিৰঙালৈ অহা মুঠ পৰ্যটকৰ সংখ্যা ৩,২৭,৪৯৩ গৰাকী বুলি বিভাগীয় সূত্ৰত প্ৰকাশ ৷ ইয়াৰে মুঠ ৩,১৩,৫৭৪ গৰাকী দেশীয় পৰ্যটক আৰু ১৩,৯১৯ গৰাকী বিদেশী পৰ্যটক ৷ এই পৰ্যটক সকলৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলে লাভ কৰে মুঠ ৮,৮১,৮৪,১৬১ টকাৰ পৰিমানৰ ৰাজহ ৷ উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ তিনিটা বন সংমণ্ডলৰ ভিতৰত পূৱ অসম বন্যপ্ৰাণী সংমণ্ডলে মুঠ ৩২,০৯৬১ গৰাকী পৰ্যটকৰ পৰা আৰু ৮,৫৯,৪৮,৩৫১ টকাৰ ৰাজহ, নগাঁও বন সংমণ্ডলে ৩,৪৮৪ গৰাকী পৰ্যটকৰ পৰা ৬২,৪০০ টকাৰ ৰাজহ আৰু বিশ্বনাথ বন সংমণ্ডলে ৩,০৪৮ গৰাকী পৰ্যটকৰ পৰা ১৬,১১,৮১০ টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ বিগত ২০২২ -২৩ বিত্তীয় বৰ্ষত কাজিৰঙাই দেশী বিদেশী মুঠ ৩,১৪,৭৯৬ গৰাকী পৰ্যটকৰ পৰা মুঠ ৮,৩৩,৮৫,৪৮৩ টকাৰ ৰাজহ লাভ কৰিছিল ৷ যাৰ পটভূমিত পূৰ্বৰ তুলনাত ২০২৩-২৪ বিত্তীয় বৰ্ষত ১২,৬৯৭ জন দেশী বিদেশী পৰ্যটক বৃদ্ধি পোৱাৰ উপৰিও কাজিৰঙাই পূৰ্বতকৈ ৪৭,৯৮,৬৭৮ টকাৰ অধিক ৰাজহ লাভ কৰিবলৈ সক্ষম হয় ৷

২০২৩ চনৰ অক্টোবৰৰ মাজভাগত বাৰিষাৰ পিছতেই চলিত বিত্তীয় বৰ্ষত বিশ্ব পৰ্যটকৰ বাবে পুনৰ মুকলি হোৱা কাজিৰঙাত পৰ্যটকে পূৰ্বৰ তুলানতকৈ এইবাৰ কাৰ্বি-আংলঙত চাইকেল চলোৱাৰ সুবিধা, পানবাৰী সংৰক্ষিত বনাঞ্চল আৰু বুঢ়াপাহাৰৰ চিৰাঙৰ ট্ৰেকিং পথৰ বিশেষ সুবিধাৰ উপৰিও জনগোষ্ঠীৰ দ্বাৰা পৰিচালিত কাৰ্বি জনগোষ্ঠীৰ খাদ্য চোৰাণ-আহেম আৰু মিচিং জনগোষ্ঠীৰ দ্বাৰা পৰিচালিত মিচিং খাদ্যৰ অজুন উকুম নামৰ কেন্দ্ৰ, বুঢ়াচাপৰিৰ মহিলা নেতৃত্বাধীন ভোজনালয় বিচাগ-নাচ’, পৰম্পৰাগত খাদ্যৰ জুতি লোৱাৰো সুবিধা লাভ কৰিছে বুলি উদ্যান কৰ্তৃপক্ষই অৱগত কৰে৷ ইয়াৰ লগতে ব্ৰহ্মপুত্ৰ নদীত শিহু দৰ্শনৰ সুবিধাৰ বাবে নৌকা বিহাৰৰ লগতে পাণপুৰ আৰু বুঢ়াচাপৰিত জীপ আৰু চাইকেল চাফাৰীও চলিত বিত্তীয় বৰ্ষতে আৰম্ভ কৰা হৈছিল। এনে সম্ভাৱনা শংকাৰ মাজেদিয়েই ১ মে’ত হাতী চাফাৰি বন্ধ হোৱাৰ পাছত,৩১ মে’ত জীপ চাফাৰি বন্ধৰে অন্ত পৰিব কাজিৰঙাৰ ২০২৩-২৪ পৰ্যটন বৰ্ষৰ।













