
ৰাজ্যৰ সুপ্ত প্ৰতিভা বিকাশৰ বাবে এখন বিশেষ মঞ্চ প্ৰদান কৰাৰ প্ৰচেষ্টা হিচাবে বোকাখাতৰ নাট্য মন্দিৰ প্ৰেক্ষাগৃহত (Natyamandir Auditorium in Bokakhat) আজিৰেপৰা আৰম্ভ হৈছে “অসম সাংস্কৃতিক মহাসংগ্ৰাম” (Assam Sankritik Mahasangram) কাৰ্যসূচীৰ বিধানসভা সমষ্টি পৰ্যায়ৰ প্ৰতিযোগিতাসমূহ।

বোকাখাতৰ নিৰ্বাচনী বিষয়া পৰিস্মিতা দিহিঙ্গীয়াই বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানটিৰ শুভউদ্বোধন কৰে লগতে তেখেতে “অসম সাংস্কৃতিক মহাসংগ্ৰাম” কাৰ্যসূচী সন্দৰ্ভত বক্তব্য প্ৰদান কৰে।

শুভাৰম্ভণি অনুষ্ঠানত বোকাখাতৰ নিৰ্বাচনী বিষয়াগৰাকীয়ে প্ৰতিযোগীসকলক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। অনুষ্ঠানত গোলাঘাট জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া ধীৰাজ দাস, গোলাঘাট পশ্চিম উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া পাৰ্থজিৎ গগৈ, বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি, আমন্ত্রিত অতিথিসকল, অন্যান্য সংশ্লিষ্ট বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।












