![]()
জয়পুৰ এক্সপ্ৰেছ (Jaipur Express) ৰে’লত আজি পুৱতি নিশা ৫ মান বজাত ভয়ংকৰ গুলীচালনাৰ ঘটনা সংঘটিত হয়। পালঘৰ ষ্টেচনৰ সমীপত উক্ত ৰে’লখনৰ ৫ নং ডবাত কেইবাজাঁই গুলীচালনাৰ ফলত এজন এএছআই আৰু তিনিগৰাকী যাত্ৰী নিহত হোৱাৰ লগতে আন বহু যাত্ৰী আঘাতপ্ৰাপ্ত হয়।

জানিব পৰা মতে, পালঘৰ ষ্টেচন পাৰ হোৱাৰ পিছতে এজন আৰপিএফ কনিষ্টবলে চলন্ত ৰেলখনত গুলীচালনা কৰি এএছআই আৰু তিনিগৰাকী যাত্ৰীক গুলীয়াই হত্যা কৰাৰ পিছত দহিছৰ ষ্টেচনৰ সমীপত ৰে’লৰ পৰা জপিয়াই দিয়ে। কিন্তু শেহতীয়াকৈ এইগৰাকী চেতন নামৰ অভিযুক্তক আৰক্ষীয়ে মাৰণাস্ত্ৰসহ মীৰা ৰোডৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।
উল্লেখ্য যে, এই গুলীচালনাৰ ঘটনা পালঘৰ আৰু মুম্বাইৰ মাজৰ দহিছৰত হয়। এই ৰে’লখন ৰাজস্থানৰ পৰা মুম্বাই চেন্ট্ৰেললৈ আহি আছিল। বৰ্তমান ৰে’লখন মুম্বাই চেন্ট্ৰেল ষ্টেচনত উপস্থিত হৈছে।









