ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

World Environment Day I বোকাখাতত গ্ৰাছ-ৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস, বিশ্ব পৰিৱেশ দিৱস উদযাপন : মুখপত্ৰ ‘শ্যামলিমা’ উন্মোচন

অজন্তা তালুকদাৰঃ বোকাখাত

News Desk by News Desk
June 5, 2023
Reading Time: 1 min read
A A
0
World Environment Day I বোকাখাতত গ্ৰাছ-ৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস, বিশ্ব পৰিৱেশ দিৱস উদযাপন : মুখপত্ৰ ‘শ্যামলিমা’ উন্মোচন

logo new 2 1 1 4 1 3 1 | ASSAM TIMES POST

RELATED POSTS

Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

প্ৰকৃতি সুৰক্ষাৰ স্বাৰ্থত জন্ম হোৱা উজনি অসমৰ অন্যতম স্বেচ্ছাসেৱী সংগঠন গ্রাছ (voluntary organization Grass), বোকাখাতৰ আজি বোকাখাত (Bokakhat) পুৱতি সাহিত্য সভা ভৱনত অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস (8th Annual Foundation Day) উদযাপনৰ লগতে বিশ্ব পৰিৱেশ দিৱস (World Environment Day) উদযাপন, গ্ৰাছ বঁটা-২০২৩ প্ৰদান অনুষ্ঠিত কৰা হয়। এই উদ্দেশ্যে পুৱা গ্ৰাছ, বোকাখাতৰ পতাকা উত্তোলন কৰে গ্ৰাছৰ সভাপতি অংকুৰ বৰঠাকুৰে। ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্রাংকন প্রতিযোগিতা আৰু বৃক্ষৰোপণ কাৰ্যসূচী সম্পন্ন হয়।

বোকাখাত
বোকাখাতত গ্ৰাছ-ৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস:

গ্ৰাছৰ সম্পাদক ইন্দ্ৰেশ্বৰ বৰা আৰু সংগঠনটোৰ উপদেষ্টা তথা বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ সভাপতি বুবুল দত্তই আঁত ধৰা মুকলি সভাৰ আৰম্ভণিতে স্মৃতি তৰ্পণ কাৰ্যসূচী সম্পন্ন হয়।বন্তি প্ৰজ্বলন কৰে ৱাৰ্ড কমিশ্যনাৰ প্ৰাঞ্জল বৰুৱাই। মুকলি সভা আৰম্ভ হয় বিশিষ্ট শংকৰী সংগীতৰ সাধক ৰিজুমনি বৰা হাজৰিকাৰ দলে পৰিৱেশন কৰা দিহানামেৰে। দিহা নাম পৰিৱেশনৰ অন্তত দলটিৰ নেতৃত্ব দিয়া যুৱ সংগীত আৰু বিহু নৃত্য শিল্পী জাগৃতি বৰাক গ্ৰাছৰ তৰফৰ পৰা এটি স্মাৰকেৰে সম্বৰ্ধনা জনোৱা হয়।

উল্লেখ্য যে বিগত ৭টা বছৰে স্বাস্থ্য, শিক্ষা, ক্রীড়া, অনাময়, পৰিৱেশ সংৰক্ষণ (প্ৰায় ১০০০ গছ পুলি ৰোপন আৰু স্বচ্ছতা), প্রাকৃতিক দুর্যোগ, দক্ষতা বিকাশ, বিভিন্ন সজাগতা সভা, শিশু আৰু মহিলা উন্নয়ন আৰ্থ-সামাজিক উন্নয়ন আদিত গোলাঘাট জিলাখনৰ বিভিন্ন অঞ্চলত গ্ৰাছ-এ কাম কৰি আহিছে। ইয়াৰ উপৰিও সংগঠনটোৱে বিভিন্ন দিশত নিৰলস কাম কৰি অহা ব্যক্তি সকলক উৎসাহিত কৰিবৰ বাবে ‘গ্ৰাছ বঁটা’ প্ৰদান কৰি আহিছে। ‘সাংবাদিক, সংগঠক প্ৰদ্যুত মহন্ত সোঁৱৰণী মঞ্চ’ অনুষ্ঠানৰ আৰম্ভণিতে গ্ৰাছ, বোকাখাতৰ শীৰ্ষ গীতটি পৰিৱেশন কৰে বিশিষ্ট সংগীত শিল্পী তথা বোকাখাত শিল্পী সমাজৰ সভাপতি বিজয় শৰ্মাই।

boka3 1 | ASSAM TIMES POST

বিজয় শৰ্মাক এটি স্মাৰকেৰে সম্বৰ্ধনা জনোৱা হয়। আজিৰ অনুষ্ঠানতে বিজয় শৰ্মাৰ কথা আৰু সুৰৰ ‘সেউজী বনৰ সুবাস ভৰা..’ শীৰ্ষক গ্ৰাছৰ শীৰ্ষ গীতটিক আনুষ্ঠানিকভাৱে স্বীকৃতি প্ৰদান কৰা হয়। মুকলি সভাতে গ্ৰাছ, বোকাখাতৰ মুখপত্ৰ ‘শ্যামলিমা’ উন্মোচন কৰি বিশিষ্ট প্ৰকৃতিকৰ্মী তথা জ্যেষ্ঠ সাংবাদিক অপূৰ্ব বল্লভ গোস্বামীয়ে উন্মোচনী ভাষণ প্ৰদান কৰে। প্ৰতি বছৰে প্ৰদান কৰি অহাৰ দৰে এই বৰ্ষত গ্ৰাছ বঁটা-২০২৩ আজিৰ অনুষ্ঠানতে প্ৰদান কৰা হয়। ধনিল বৰঠাকুৰ সোঁৱৰণী ‘গ্ৰাছ গ্ৰীণ এৱাৰ্ড’ পৰিৱেশ কৰ্মী তথা সাংবাদিক গোলাঘাটৰ বিকাশ শৰ্মালৈ, নুমলী হাজৰিকা সোঁৱৰণী ‘গ্ৰাছ ৱমেন এৱাৰ্ড’ মহিলা সৱলীকৰণৰ লগত জড়িত হৈ থকা বোকাখাতৰ গীতাঞ্জলি শ‍ইকীয়াক, কমলেশ্বৰ বৰা সোঁৱৰণী ‘গ্ৰাছ ফাৰ্মাৰ এৱাড’ কুৰুৱাবাহীৰ আদর্শ কৃষক পাপুমণি হাজৰিকালৈ আৰু স্বচ্ছ আৰু পৰিৱেশৰ বাবে থানেশ্বৰ ভূঞাৰ সোঁৱৰণী ‘গ্ৰাছ নিৰ্মল সেউজ বঁটা’ মহুৰামুখৰ লোকপ্ৰিয় প্রাথমিক বিদ্যালয়লৈ প্ৰদান কৰা হয়।

বঁটা প্ৰাপক সকলক একোখনিকৈ চেলেং, ফুলাম গামোচা, একোখনিকৈ সম্বৰ্ধনা পত্ৰ, নগদ ধন, একোটিকৈ গছ পুলি আৰু স্মাৰক আৰু একোখনিকৈ মুখপত্ৰ ‘শ্যামলিমা’ প্ৰদান কৰা হয়। বঁটা প্ৰাপক সকলৰ লগতে সদৌ অসম লেখিকা সমাৰোহ সমিতৰ সভানেত্ৰী সূৱৰ্ণ শইকীয়া বৰদলৈ, বোকাখাতৰ শ্ৰম বিষয়া ডাঃ চিত্তৰঞ্জন দাস আদিয়ে শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে। অনুষ্ঠানত স্থানীয় শিল্পীসকলৰদ্বাৰা সমবেত সংগীত পৰিৱেশন কৰা হয়।

boka4 1 | ASSAM TIMES POST

পুৱাৰ ভাগত ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ মাজত অনুষ্ঠিত চিত্ৰাংকন প্ৰতিযোগিতাত বোকাখাত খ্ৰীষ্টজ্যোতি হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীদ্বয় ক্ৰমে সুদৰ্শনা ভট্টাচাৰ্য (অষ্টম শ্ৰেণী)ই প্ৰথম আৰু নৱদীপ দত্ত (অষ্টম শ্ৰেণী)ই দ্বিতীয় স্থান অধিকাৰ কৰাৰ লগতে বোকাখাত শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ গায়ত্ৰী শইকীয়া (অষ্টম শ্ৰেণী)ই তৃতীয় স্থান অধিকাৰ কৰে। চিত্ৰাংকন প্ৰতিযোগিতাৰ পুৰস্কাৰ প্ৰাপক ছাত্ৰ ছাত্ৰীক অনুষ্ঠানতে পুৰস্কাৰ সমূহ প্ৰদান কৰা হয়। অনুষ্ঠানৰ শেষত গ্ৰাছৰ সম্পাদক ইন্দ্ৰেশ্বৰ বৰাই শলাগৰ শৰাই আগবঢ়ায়। অনুষ্ঠানত গ্ৰাছ-ৰ বিষয় ববীয়া, উপদেষ্টা সকল, সদস্য সকলৰ লগতে ভালেসংখ্যক স্থানীয় গণ্যমান্য ব্যক্তি আৰু সাংবাদিক উপস্থিত থাকে।

Tags: BokakhatGrassগ্ৰাছবোকাখাত
Share4Tweet3Send

Related Posts

Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে
Assam

Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে

by News Desk
June 7, 2026
50
Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা
Assam

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

by News Desk
June 4, 2026
50
Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক
Assam

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

by Staff Reporter
June 3, 2026
50
Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ
Assam

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

by News Desk
June 2, 2026
50
পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ:
Assam

Nalbari Encounter । নলবাৰীৰ আছু নেতাক হত্যাকীৰক আৰক্ষীৰ এনকাউণ্টাৰ

by Staff Reporter
June 1, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC bill : বিধানসভাত গৃহীত অভিন্ন দেৱানী বিধি বিধেয়ক

by News Desk
May 27, 2026
50
ADVERTISEMENT
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

June 7, 2026
50
Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে
Assam

Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে

June 7, 2026
50
‎১৯৭০ চনত প্ৰস্তুত কৰা ৬.১ কেজি বিশ্বকাপৰ এতিয়া মূল্য কিমান?
National-International

‎আমেৰিকাত বিশ্বকাপৰ আগেয়ে ধৰ্মঘটৰ হুংকাৰ ২০০০ ষ্টেডিয়াম কৰ্মীৰ, সমস্যাত ট্ৰাম্প চৰকাৰ ‎

June 7, 2026
50
‎মাহে ৬০০০ টকা দৰমহা । চৰকাৰী অভিযন্তাৰ পৰা উদ্ধাৰ ২ কোটি টকা, নগদ ধন আৰু ঘৰ বা মাটি, সোণৰ অলংকাৰ আৰু বিলাসী গাড়ী জব্দ
National-International

‎মাহে ৬০০০ টকা দৰমহা । চৰকাৰী অভিযন্তাৰ পৰা উদ্ধাৰ ২ কোটি টকা, নগদ ধন আৰু ঘৰ বা মাটি, সোণৰ অলংকাৰ আৰু বিলাসী গাড়ী জব্দ

June 7, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

June 7, 2026
Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে

Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে

June 7, 2026
‎১৯৭০ চনত প্ৰস্তুত কৰা ৬.১ কেজি বিশ্বকাপৰ এতিয়া মূল্য কিমান?

‎আমেৰিকাত বিশ্বকাপৰ আগেয়ে ধৰ্মঘটৰ হুংকাৰ ২০০০ ষ্টেডিয়াম কৰ্মীৰ, সমস্যাত ট্ৰাম্প চৰকাৰ ‎

June 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx