![]()
ৰাহুল গান্ধীক (Rahul Gandhi) পুনৰ লোকসভাৰ সাংসদ হিচাপে নিযুক্তি দিয়া হʼবনে নহয় বৃহস্পতিবাৰে তাৰ ৰায়ৰ বাবে অপেক্ষা কৰিছিল সকলোৱে। কিয়নো নৰেন্দ্ৰ মোডীৰ (Narendra Modi) ৰাজ্যৰ চুৰাট সত্ৰ আদালতত ৰাহুল গান্ধীয়ে কৰা শাস্তি ৰেহাই আবেদনৰ ৰায়দান আছিল। কিন্তু সেই আবেদন নাকচ কৰে চুৰাট সত্ৰ আদালতে।

যোৱা ২৩ মাৰ্চত গুজৰাটৰ চুৰাট দণ্ডাধীশ আদালতে ২০১৯ চনৰ লোকসভা নিৰ্বাচনী প্ৰচাৰৰ সময়ত কৰ্ণাটকৰ কোলাৰত ‘মোডী’ উপাধি ব্যৱহাৰ কৰি আপত্তিজনক মন্তব্য কৰা ৰাহুলক দুবছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল। ইয়াৰ আধাৰত ২৪ মাৰ্চত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ভাৰতীয় সংবিধানৰ ১০২(১) অনুচ্ছেদ আৰু জনপ্ৰতিনিধিত্ব আইন (১৯৫১)ৰ ৮(৩) অনুচ্ছেদৰ অধীনত ৰাহুলক সংসদ সদস্যৰ পৰা বৰ্খাস্ত কৰে।
দণ্ডাধীশ আদালতৰ ৰায়ৰ বিৰুদ্ধে তেওঁ যোৱা ৩ এপ্ৰিলত চুৰাটৰ সত্ৰ আদালতত আবেদন দাখিল কৰে। ন্যায়াধীশ আৰ পি মোগেৰাই (R P Mogera) সেই কথা মানি লৈ জামিন বৰ্তাই ৰখাৰ নিৰ্দেশ দিয়ে। কিন্তু সেইদিনা সত্ৰ আদালতে ৰাহুলক দোষী ঘোষণা কৰি দণ্ডাধীশ আদালতৰ ন্যায়াধীশ এইচ এইচ ভাৰ্মাৰ ৰায়দান স্থগিত ৰখা নাছিল।
দণ্ডাধীশ আদালতৰ ৰায়দানৰ ওপৰত অন্তৱৰ্তীকালীন স্থগিতাদেশ বিচাৰি সত্ৰ আদালতত ৰাহুলে কৰা আবেদন বৃহস্পতিবাৰে ঘোষণা হোৱাৰ সম্ভাৱনা আছে। ১৩ এপ্ৰিলত পূৰ্বৰ শুনানিৰ দিনটোত অতিৰিক্ত সত্ৰ ন্যায়াধীশ মোগেৰাই ঘোষণা কৰিছিল যে ৰায় সংৰক্ষিত হʼব।
উদাহৰণস্বৰূপে লাক্ষদ্বীপৰ এন চি পিৰ সাংসদ হত্যাৰ চেষ্টাৰ অভিযোগত নিম্ন আদালতত দোষী সাব্যস্ত হোৱা মহম্মদ ফৈজলে শেহতীয়াকৈ লোকসভাৰ সদস্যপদ পুনৰ লাভ কৰিছে। কাৰণ কেৰালা উচ্চ ন্যায়ালয়ে নিম্ন আদালতৰ ৰায় স্থগিত ৰাখিছিল।










