![]()
মোডী-মন্তব্যৰ বাবে প্ৰথমে কাৰাদণ্ড। পিছত তেওঁক লোকসভাৰ সদস্যৰ পৰা বৰ্খাস্ত কৰা হয়। ইয়াৰ মাজতে পুনৰ বৃদ্ধি পাব পাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ (Rahul Gandhi) সমস্যা। বিনায়ক দামোদৰ সাৱৰকাৰৰ (Vinayak Damodar Savarkar) নাতি সাত্যকি সাৱৰকাৰে (Satyaki Savarkar) ৱেইনাৰৰ প্ৰাক্তন সাংসদগৰাকীৰ বিৰুদ্ধে পুনে আদালতত মানহানিৰ গোচৰ ৰুজু কৰে।

শেহতীয়াকৈ কেইবাটাও ৰাজনৈতিক অনুষ্ঠানত ভাষণ দি থকাৰ সময়তে ৰাহুলে সাৱৰকাৰক লক্ষ্য কৰি লোৱাৰ অভিযোগ উত্থাপন হৈছে। তেওঁ লগতে কোৱা শুনা গৈছে যে সাৱৰকাৰে জে’লৰ পৰা মুক্তি পাবলৈ ইংৰাজৰ পৰা ‘ক্ষমা বিচাৰিছিল’। লণ্ডনত দিয়া মন্তব্যৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ ওচৰত ক্ষমা বিচৰাৰ দাবীত ৰাহুলে এই মন্তব্য কৰে— তেওঁ গান্ধী, সাৱৰকাৰ নহয়। আৰু তেওঁ কোনো কথাৰ বাবে ক্ষমা নিবিচাৰে।
ৰাহুলৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰাৰ পিছত সাত্যকীয়ে দাবী কৰে যে ৰাহুলে এজন হিন্দুত্ববাদীৰ মতাদৰ্শক অপমান কৰিছে। তেওঁ কয়, “ৰাহুল গান্ধীয়ে যোৱা মাহত ইংলেণ্ড ভ্ৰমণ কৰিছিল। তাত হোৱা এক সমাবেশত তেওঁ মন্তব্য কৰে যে বীৰ সাৱৰকাৰে তেওঁৰ কিতাপখনত ৫-৬ জন বন্ধুৰ সৈতে এজন মুছলমানক মাৰপিট কৰাৰ বিষয়ে লিখিছে। সাৱৰকাৰে নিজৰ সাহিত্যত এনে কোনো ঘটনা লিখা নাছিল। এই মন্তব্য কাল্পনিক আৰু অপমানজনক। এই ভিত্তিহীন মন্তব্যই আমাৰ অনুভৱত আঘাত দিছে। গতিকে গোচৰ ৰুজু কৰা হৈছে। অৱশ্যে এতিয়াও অভিযোগ নম্বৰ পোৱা নাই।”
মহাৰাষ্ট্ৰৰ ক্ষমতাত থকা বিজেপি আৰু একনাথ শিন্দেৰ নেতৃত্বত শিৱসেনা মিত্ৰজোঁটে শেহতীয়াকৈ ৰাজ্যৰ প্ৰতিখন জিলাতে সাৱৰকাৰৰ সৈতে গৌৰৱ যাত্ৰা আৰম্ভ কৰিছে। এই গৌৰৱ যাত্ৰা সাৱৰকাৰৰ দেশলৈ আগবঢ়োৱা অৱদানক সন্মান জনোৱাৰ লগতে ৰাহুলে তেওঁক সমালোচনা কৰাৰ প্ৰতিবাদ।
মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেও (Uddhav Thackeray) সাৱৰকাৰক লৈ বিৰূপ মন্তব্য কৰাৰ বাবে ৰাহুলক সকীয়াই দিয়া দেখা গৈছিল। সূত্ৰসমূহে লগতে প্ৰকাশ কৰিছে যে কংগ্ৰেছৰ বহুতেই ৰাহুলক সাৱৰকাৰ সন্দৰ্ভত কোনো মন্তব্য নকৰিবলৈ পৰামৰ্শ দিছে।










