![]()
ইউক্ৰেইনে ৰাছিয়াৰ সৈতে হোৱা যুদ্ধত ভাৰতৰ সমৰ্থন বিচাৰিছিল! ভলোডিমিৰ জেলেনস্কিৰ (Volodymir Zelensky) দেশখনে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত যুদ্ধৰ অন্ত পেলাবলৈ “স্থায়ী শান্তি”(Permanent Peace) বিচাৰি এক প্ৰস্তাৱ আনিবলৈ সাজু হৈছে। জেলেনস্কিৰ সচিবালয়ৰ মুখ্য বিষয়া আন্দ্ৰেই য়েৰমাকে ভাৰত (India)ৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালক ফোন কৰি এই প্ৰস্তাৱৰ প্ৰতি সমৰ্থন বিচাৰে।

ইউক্ৰেইন (Ukraine) আৰু অন্যান্য নাটোৰ সদস্য দেশৰ সৈতে আলোচনা কৰি এই প্ৰস্তাৱৰ খচৰা প্ৰস্তুত কৰা হৈছে। কেইদিনমানৰ পিছত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদ (United Nations General Assembly)ৰ জৰুৰী অধিবেশনত এই প্ৰস্তাৱ দাখিল কৰা হʼব। ইতিমধ্যে ফ্ৰান্স আৰু জাৰ্মানীৰ দৰে ইউৰোপীয় দেশসমূহে এই প্ৰস্তাৱৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰিছে।
দক্ষিণ-পূব এছিয়াত ভাৰতৰ প্ৰভাৱ আৰু গুৰুত্বৰ কথা মনত ৰাখি ইউক্ৰেইনে নতুন দিল্লীৰ সমৰ্থন বিচাৰিছে।যদিও ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰালয়ৰ একাংশ বিষয়াই অনুভৱ কৰে যে ভাৰতে ৰাছিয়াৰ পোনপটীয়া বিৰোধী কোনো প্ৰস্তাৱত সন্মতি নিদিয়ে। সেয়েহে এই প্ৰস্তাৱত ৰাছিয়াৰ বিৰুদ্ধে কোনো কঠোৰ শব্দ প্ৰয়োগ কৰা হোৱা নাই। দুসপ্তাহমান আগতে ডোভালে মস্কোলৈ গৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক লগ পাইছিল।
আমেৰিকা আৰু পশ্চিমীয়া বিশ্বৰ আপত্তিক আওকাণ কৰি নৰেন্দ্ৰ মোদীৰ চৰকাৰে ‘ৰাষ্ট্ৰীয় স্বাৰ্থʼক অগ্ৰাধিকাৰ দি ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় অব্যাহত ৰাখিছে।যোৱা এবছৰত ৰাষ্ট্ৰসংঘত ৰাছিয়াৰ বিৰুদ্ধে উত্থাপিত কেইবাটাও প্ৰস্তাৱৰ ওপৰত ভোটদানৰ সময়ত ভাৰতে ভোটদানৰ পৰা বিৰত আছে।
কিন্তু নতুন দিল্লীয়ে স্পষ্ট কৰি দিছে যে ভাৰতে ৰাষ্ট্ৰসংঘৰ চনদত থকা ভৌগোলিক অখণ্ডতা, সাৰ্বভৌমত্ব আদি বিষয়বোৰক সন্মান কৰে। য়েৰমাকে কয় যে এই প্ৰসংগত তেওঁলোকে ৰাছিয়াৰ কোনো ভূখণ্ড দখল কৰা নাছিল। কিন্তু ৰাছিয়াই দখল কৰা ভূখণ্ড ইউক্ৰেইনক গতাই দিবলৈ দাবী জনায়। এই ক্ষেত্ৰত ভাৰতৰ পৰা সমৰ্থন লাভ কৰিব বুলি আশাবাদী জেলেনস্কি প্ৰশাসন।










