![]()
আজি ডিফুত কাৰবি আংলং জিলা প্ৰেছ ক্লাৱ(Karbi Anglong District Press Club) চমুকৈ ডিপিচিকেএৰ পঞ্চম প্ৰতিষ্ঠা দিৱস(Foundation day )উদযাপন কৰা হয় ৷ এই উপলক্ষে আজি পুৱাৰ ভাগত ডিফুৰ পাঁছ মাইলস্থিত ‘ছাই’ খেল পথাৰত কাৰবি আংলং জিলা প্ৰেছ ক্লাৱৰ পতাকা উত্তোলন কৰে ক্ৰমে, সভাপতি দিগন্ত টেৰণ আৰু সাধাৰণ সম্পাদক ডেনিয়েল টেৰণে ৷

পতাকা উত্তোলনৰ পিছত ইতিমধ্যে ইহ সংসাৰৰ পৰা বিদায় লোৱা সাংবাদিক সকলৰ আত্মাৰ সদ্গতিৰ বাবে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয় ৷ পিছত জ্যেষ্ঠ সাংবাদিক সকলৰ উপস্থিতিত ডিপিচিকেএৰ পঞ্চম প্ৰতিষ্ঠা দিৱসৰ কেক কাটি প্ৰতিষ্ঠা দিৱসটি উদযাপন কৰা হয় ৷
মুখ্য আৰু সন্মানীয় অতিথি হিছাপে উপস্থিত থকা জ্যেষ্ঠ সাংবাদিকদ্বয় ক্ৰমে লংছিং টেৰণ আৰু সঞ্জু বৰাই ভাষণ প্ৰসংগত সাংবাদিক সকলৰ সমাজৰ প্ৰতি থকা দায়বদ্ধতাৰ কথা সোঁৱৰাই দিয়াৰ লগতে সংবাদৰ ক্ষেত্ৰখনত সাংবাদিক সকলে পালন কৰিবলগীয়া দিশ সমূহৰ ওপৰত নীতি শিক্ষা প্ৰদান কৰে ৷ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীটোৰ আঁত ধৰাৰ লগতে উদ্দেশ্য বাখ্যা কৰে সাধাৰণ সম্পাদক ডেনিয়েলচন বে’ই ৷
আনহাতে জিলা প্ৰেছ ক্লাৱৰ লগত সংগতি ৰাখি যোৱা ৬ ফেব্ৰুৱাৰীৰ পৰা ডিফু ‘ছাই’ খেল পথাৰত চলি থকা আন্তঃ প্ৰেছ ক্লাৱ টি ১০ প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত হোৱা চূড়ান্ত খেলখনত ফুলনি প্ৰেছ ক্লাৱে ডিপিচিকেএক ৮ উইকেটত পৰাজিত কৰে ৷ প্ৰথমে বেট কৰি ডিপিচিকেএই নিৰ্ধাৰিত ১৫ অ’ভাৰত ৬ উইকেটৰ বিনিময়ত ১২৮ ৰাণ কৰি ফুলনি প্ৰেছ ক্লাৱক ১২৯ ৰাণৰ লক্ষ্য বান্ধি দিয়ে ৷
প্ৰত্যুত্তৰত ফুলনি প্ৰেছ ক্লাৱে ২ টা উইকেটৰ বিনিময়তে বিজয় সাব্যস্থ কৰি চুড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় ৷ চূড়ান্ত বিজয়ী আৰু বিজেতা দললৈ আগবঢ়োৱা বঁটা বিতৰণী সভাত জ্যেষ্ঠ সাংবাদিক ক্ৰমে, লংছিং টেৰণ, কামৰুল খান, সঞ্জু বৰা, দেৱজ্যোতি বৰা আৰু কাংবুৰা ছিংনাৰ উপস্থিত থাকে ৷













