![]()
আৰক্ষীয়ে ঘৰৰ পৰা উদ্ধাৰ কৰে এজন কিশোৰৰ ওলমি থকা মৃতদেহ। মাকৰ শাৰী পিন্ধি মেক-আপ কৰি থকা অৱস্থাত দেওবাৰে তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হয়। দিল্লীৰ নজাফগড়ত সংঘটিত হৈছে এই ঘটনা।প্ৰথম অৱস্থাত আৰক্ষীয়ে ভাবিছিল যে কিশোৰজনে অনলাইন মিডিয়াৰ বাবে ভিডিও শ্বুটিং কৰি আছে।
সেই সময়ত হয়তো কোনো দুৰ্ঘটনা সংঘটিত হৈছিল। আৰক্ষীয়ে সন্দেহ কৰিছে যে কিশোৰজনৰ মৃত্যু হʼব পাৰে ইনষ্টা ৰিল বনোৱাৰ সময়ত। অৱশ্যে আকস্মিক মৃত্যু নে আত্মহত্যাৰ ঘটনা মৰণোত্তৰ পৰীক্ষাৰ পিছত স্পষ্ট হʼব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
আৰক্ষীয়ে জনোৱা মতে, ঘটনাৰ সময়ত কোনো লোক ঘৰত নাছিল। ল’ৰাটোৰ মাক-দেউতাক বজাৰলৈ গৈছিল। ঘৰলৈ আহি তেওঁলোকে লʼৰাটোক ওলমি থকা দেখা পায়। কিশোৰজনৰ পিতৃ-মাতৃয়ে কয় যে তেওঁলোকৰ পুত্ৰ মোবাইলৰ প্ৰতি আসক্ত আছিল। আৰক্ষীয়ে জব্দ কৰে কিশোৰজনৰ মোবাইল ফোন।
এজন আৰক্ষী বিষয়াই জনোৱা মতে, ঘৰটোৰ পৰা কোনো চুইচাইড নোট উদ্ধাৰ হোৱা নাই। অৱশ্যে কিশোৰজনৰ মোবাইল ফোনটোৰ এই মৃত্যুৰ সৈতে কোনো সম্পৰ্ক আছেনে নাই তাৰ তদন্ত চলি আছে ।










