ASSAM TIMES POST
নতুন দিল্লীঃ অতি স্পৰ্শকাতৰ ৰামজনমভূমি-বাবৰি মছজিদৰ ৰায় প্ৰদান কৰাৰ পাছত অযোধ্যাত শান্তি আৰু শৃংখলা নিয়ন্ত্ৰণৰ কাৰণে উত্তৰ প্ৰদেশৰ আম্বেদকাৰ নগৰৰ ভিন্ন মহাবিদ্যালয়ত ৮খনকৈ অস্থায়ী কাৰাগাৰ সাজি উলিওৱা হৈছে। সেই অনুসৰি, আকবৰপুৰ, তান্দা, জালালপুৰ, জৈতপুৰ, ভিটি আৰু আল্লাপুৰত এই অস্থায়ী কাৰাগাৰসমূহ সাজি তোলা হৈছে। উল্লেখযোগ্য যে অহা সপ্তাহত উচ্চতম ন্যায়ালয়ে উক্ত ৰায়টো প্ৰদান কৰিব। সেয়ে সম্প্ৰতি অযোধ্যাত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলাৰ লগতে ১৪৪ ধাৰা আৰোপ কৰা হৈছে।










