ASSAM TIMES POST
নতুন দিল্লীঃ ভাৰতৰ গাইৰ গাখীৰত সোণ থাকে। এই মন্তব্য পশ্চিম বংগৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতা দিলীপ ঘোষৰ। সম্প্ৰতি নেতাজনৰ এই বক্তব্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। সোমবাৰে ৰাজ্যখনৰ বৰ্ধমান জিলাত অনুষ্ঠিত এক কাৰ্যসূচীত ভাগ লৈ নেতাজনে কয় যে ভাৰতীয় গাইৰ এটা উপযোগিতা হৈছে এই গাইসমূহৰ গাখীৰত সোণ থাকে। সেইকাৰণে গাখীৰত হালধীয়া ৰঙৰ এটি আভাস পোৱা যায়। সম্প্ৰতি, ছ’চিয়েল মিডিয়াটো ইয়াকে লৈ চৰ্চা অব্যাহত আছে।










