![]()
যোৱা নিশা ৰূপহীহাটৰ ৰূপহী-নলতলী সংযোগী ৰাজ্যিক ঘাইপথৰ ছাইদৰীয়াত সংঘটিত এক পথ দুৰ্ঘটনাত গুৰুত্বৰভাৱে আহত হয় ক্ৰমে ইছব আলী, অতুল মণ্ডল আৰু হৰিদাস পণ্ডিত ওৰফে সুব্ৰত।
ৰূপহীহাটৰ পেট্ৰল পাম্পৰ কৰ্মচাৰী অতুল আৰু হৰিদাসে নিশা বৰতল অভিমুখে যোৱা অৱস্থাত চাইকেল আৰোহী ইছৰ আলীক খুন্দা মৰাত তিনিগৰাকী ব্যক্তি পথত বাগৰি পৰে। পৰৱৰ্তী সময়ত, ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী ঘটনাস্থলীত উপস্থিত গৈ আহত তিনিওগৰাকী ব্যক্তিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। মটৰ চাইকেল খনৰ নম্বৰ হৈছে এএছ ০২ এএফ ৭৮০০












