![]()
কৰিমগঞ্জ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত আন দুই সৰবৰাহকাৰী হুচেইন আহমেদ আৰু জাকাৰিয়া আহমেদ আটক। কৰিমগঞ্জ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে তালাচী চলাই প্ৰায় ডেৰ কোটি মূল্যৰ হেৰোইন জব্দ কৰিবলৈ সক্ষম হৈছে।
আনহাতে, কাবাৰবিন্দ অঞ্চলত বিভিন্ন ব্যক্তিৰ ঘৰত তালাচী চলাই ১৫টা চাবোনৰ বাকচত প্ৰায় ১৮৫ গ্ৰাম হেৰোইন উদ্ধাৰ কৰা হয়।উল্লেখ্য যে, অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম দাসে দায়িত্ব গ্ৰহণৰ পিছৰে পৰা জিলাখন ড্ৰাগছমুক্ত কৰাৰ স্বাৰ্থত বিভিন্ন সক্ৰিয় অভিযান সমাপন কৰিছে।
ইপিনে, যোৱা শনিবাৰে কৰিমগঞ্জত ৫০ লক্ষ টকাৰ গাঞ্জা উদ্ধাৰৰ লগতে দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে কৰিমগঞ্জ জিলাৰ বাজাৰিছেৰা আৰক্ষী থানাৰ অন্তৰ্গত চুৰাইবাৰী চেক পোষ্ট আৰক্ষীয়ে।











