ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বোকাখাতত কবি মৃদুল বৰুৱাৰ ৫২ সংখ্যক জন্ম দিৱস উদযাপন

ASSAM TIMES POST by ASSAM TIMES POST
August 19, 2019
Reading Time: 1 min read
A A
0
বোকাখাতত কবি মৃদুল বৰুৱাৰ ৫২ সংখ্যক জন্ম দিৱস উদযাপন

logo atp | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

অজন্তা তালুকদাৰ,বোকাখাতঃ

‘বুকুত ফুলৰ বাগিছা থাকিলে/কোনে কাক হত্যা কৰিব পাৰে…’

বোকাখাতৰ উৰ্বৰ সংস্কৃতিৰ পথাৰৰ পৰা অসমৰ কবিতাৰ ক্ষেত্ৰখনলৈ কবি সত্বাৰ অনন্য প্ৰতিভাৰে উজলি উঠি অকালতে জাগতিক পৃথিৱীৰ পৰা বিদায় লোৱা কবি মৃদুল বৰুৱাৰ ৫২ সংখ্যক জন্মদিন যোৱা ১৭ আগষ্টত বোকাখাত পুৱতি সাহিত্য সভা ভৱনত এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত পালন কৰা হয়।

বোকাখাতৰ গড়মূৰ গাঁৱত জন্ম গ্ৰহণ কৰা প্ৰয়াত কবি মৃদুল বৰুৱা বোকাখাত জে ডি এছ জি মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ সহকাৰী অধ্যাপক আছিল। ক্ৰমে ২০০৭ চনত সাহিত্য একাডেমিৰ সহযোগত বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ত অনুষ্ঠিত ‘ৰাষ্ট্ৰীয় কবি সন্মিলন’ৰ আৰু ২০০৯ চনত কাজিৰঙাত অনুষ্ঠিত সাহিত্য একাডেমিৰ ‘অনুবাদ কৰ্মশালা’ৰ তেওঁ সমন্বয়ক আছিল।

IMG 20190818 WA0016 | ASSAM TIMES POST

২০০৮ চনত প্ৰয়াত কবি গৰাকীয়ে সাহিত্য একডেমিৰদ্বাৰা গোৱাত অনুষ্ঠিত ‘সাহিত্য সন্মিলন’ত অংশগ্ৰহণ কৰিছিল। গল্প আৰু কবিতাৰ একত্ৰ সংকলন ‘মই তোৰ নীলা চৰাই’, কাব্য সংকলন ক্ৰমে ‘ধূলিময় বোকাময়’ আৰু ‘সপোনৰ ছাইবোৰ’ আৰু মৰণোত্তৰভাৱে প্ৰকাশিত কাব্য সংকলন ‘জুইফুলৰ আউল’ কবি মৃদুল বৰুৱাৰ ৰচনা সম্ভাৰ আৰু ‘কাকচাঙৰ গীতাৰ’ প্ৰকাশৰ পথত। বোকাখতীয়া কবিৰ নিৰ্বাচিত কাব্য সম্ভাৰৰ একত্ৰ সংকলন ‘দল হৰিণৰ চিঞৰ’ তেওঁৰ দ্বাৰা সম্পাদিত কাব্য সংকলন।

কবিৰ ভালেকেইটা কবিতা ইংৰাজী, হিন্দী আৰু বাংলা আদি ভাষালৈ অনুবাদ হৈছে। অসমীয়া কাব্য জগতৰ উজ্জ্বল নক্ষত্ৰ স্বৰূপ এই বহু প্ৰতিভাধৰ কবি গৰাকী একেধাৰে আছিল এগৰাকী সুদক্ষ অভিনেতা, বেহেলা বাদক, চিত্ৰশিল্পী, আবৃত্তিকাৰ, খেলুৱৈ তথা সংগঠক। কবি প্ৰয়াত অতুল বৰদলৈৰ ‘চিঞৰ’ কথাছবিৰ সহকাৰী পৰিচালক আছিল। একেধাৰে তেওঁ এগৰাকী জনপ্ৰিয় শিক্ষকো আছিল।

প্ৰয়াত কবি মৃদুল বৰুৱা অনুৰাগী সমাজ, বোকাখাতৰ উদ্যোগত জন্মদিৱস উপলক্ষ্যে বিশিষ্ট কবি অজিত গগৈ আৰু যুৱ সাংস্কৃতিক কৰ্মী ৰূপজ্যোতি ভড়ালীয়ে আঁত ধৰা অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে বোকাখাত পুৱতি সাহিত্য সভাৰ সভাপতি অপূৰ্ব বৰদলৈয়ে। অনুষ্ঠানৰ আৰম্ভণিতে গীত পৰিৱেশন কৰে কনমানি শিল্পী ইমন কল্যাণে। শিক্ষক তথা লেখক, গল্পকাৰ গীতিৰেখা দত্তই কবি মৃদুল বৰুৱাৰ কবিতাৰ এটি পৰ্য্যালোচনা আগবঢ়ায়।

IMG 20190818 WA0019 | ASSAM TIMES POST

অনুষ্ঠান তথা কবি সন্মিলনখনিত নগাঁও জিলা কবি সন্মিলনৰ সভাপতি তথা বিশিষ্ট কবি প্ৰদীপ শইকীয়া, বুৰঞ্জীবীদ তথা বিশিষ্ট কবি শিৱসাগৰৰ প্ৰেম গগৈ, বিশিষ্ট কবি ক্ৰমে গংগামোহন মিলি, ত্ৰিদীৱ বৰগোঁহাই, বিজয়ৰবি দাস, সদৌ অসম কবি সন্মিলনৰ ক্ৰমে প্ৰধান সম্পাদক তথা বিশিষ্ট কবি উজ্জ্বল পাওগাম, প্ৰাক্তন প্ৰধান সম্পাদক তথা বৰ্তমান উপদেষ্টা পৰাগ জ্যোতি মহন্ত আৰু কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক অচ্যুত কুমাৰ বৰা, যোৰহাটৰ ডাঃ প্ৰাঞ্জল জ্যতি দত্ত আৰু পাৰভেজ হোচেইন, কবি নিৱন্ধকাৰ ডাঃঃ নিত্যানন্দ শইকীয়া, বিশিষ্ট কবি দিলীপ ফুকন আৰু পলাশ লয়িং বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বক্তব্য ৰখাৰ লগতে স্বৰচিত কবিতা পাঠ কৰে। অনুষ্ঠানত শৰৎ হাজৰিকা, মনালিছা শইকীয়া, পপী শইকীয়া, প্ৰিয়াংশু প্ৰাঞ্জল, এনিশা উপাধ্যায়, দৃষ্টিৰূপা বৰদলৈ, নিপন লয়িং আৰু বহু সংখ্যক স্থানীয় কবিৰ স্বৰচিত কবিতা পাঠৰ লগতে আৰিফুল হোচেইন, ছবি বৰুৱা, তিলোৰাম কলিতা আদিয়ে প্ৰয়াত কবিগৰাকীৰ সৈতে কটোৱা সময়ৰ সান্নিধ্যৰ বিষয়ে স্মৃতিকথা আগবঢ়ায়।

অনুষ্ঠানত বিশিষ্ট নাট্যকাৰ কবি সাংবাদিক অমৰ শৰ্মা, সদৌ অসম সাংবাদিক সন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক পলিমা চেতিয়া বসুমতাৰী, প্ৰয়াস অধ্যয়ন চক্ৰৰ মুখ্য সম্পাদক সোণেশ্বৰ নৰহ, বিশিষ্ট কবি নাট্যকৰ্মী পল্লৱ হাজৰিকা, কবি সাংবাদিক অজন্তা তালুকদাৰ, যুৱ নাট্যকৰ্মীদ্বয় তৰুণ তীৰ্থ শইকীয়া আৰু দোলন বাহেক, কবি মৃদুল বৰুৱা অনুৰাগী সমাজৰ আহ্বায়ক সমিতিৰ হৈ অজিত গগৈৰ লগতে ক্ৰমে বোকাখাত জে ডি এছ জি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মূৰব্বী অধ্যাপক তথা বিশিষ্ট লেখক ড° ৰুবী বৰা, বোকাখাত জে ডি এছ জি মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক তথা বিশিষ্ট কবি লেখক ড° অৰুণ বৰা, বোকাখাত জে ডি এছ জি মহাবিদ্যালয়ৰ বাণিজ্য বিভাগৰ সহযোগী অধ্যাপক তথা বিশিষ্ট ক্ৰীড়াবীদ ক্ৰীড়া সংগঠক সুবোধ বৰা, খুমটাই জয়া গগৈ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ সহযোগী অধ্যাপক ড° অনন্ত গগৈ, বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ গ্ৰন্থগাৰিক শ্ৰীমন্ত মাধৱ বৰা আৰু বিশিষ্ট সাংস্কৃতিক কৰ্মী দিবাকৰ শৰ্মা, আৰু বহু স্থানীয় গণ্যমান্য ব্যক্তি উপস্থিত আছিল।

Share29Tweet3Send

Related Posts

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ
ALL NEWS

New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ

by Staff Reporter
February 13, 2026
50
ADVERTISEMENT
Assam’s Haflong College Students Protest Alleged Exam Irregularities
Assam

Assam’s Haflong College Students Protest Alleged Exam Irregularities

June 8, 2026
50
লাহৰিজানত সোনৰ লকেট কাঢ়ি নিয়াৰ চেষ্টা, আহত ১২ বছৰীয়া কিশোৰ।
KARBI ANGLONG

লাহৰিজানত সোনৰ লকেট কাঢ়ি নিয়াৰ চেষ্টা, আহত ১২ বছৰীয়া কিশোৰ।

June 8, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

June 7, 2026
50
Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে
Assam

Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে

June 7, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam’s Haflong College Students Protest Alleged Exam Irregularities

Assam’s Haflong College Students Protest Alleged Exam Irregularities

June 8, 2026
লাহৰিজানত সোনৰ লকেট কাঢ়ি নিয়াৰ চেষ্টা, আহত ১২ বছৰীয়া কিশোৰ।

লাহৰিজানত সোনৰ লকেট কাঢ়ি নিয়াৰ চেষ্টা, আহত ১২ বছৰীয়া কিশোৰ।

June 8, 2026
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

June 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx