ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বোকাখাতত কবি মৃদুল বৰুৱাৰ ৫২ সংখ্যক জন্ম দিৱস উদযাপন

ASSAM TIMES POST by ASSAM TIMES POST
August 19, 2019
Reading Time: 1 min read
A A
0
বোকাখাতত কবি মৃদুল বৰুৱাৰ ৫২ সংখ্যক জন্ম দিৱস উদযাপন

RELATED POSTS

দুৰ্গোৎসৱৰ মাজতে বশিষ্ট আৰক্ষীৰ বৃহৎ অভিযান,৪ ডকাইত পৰিল আৰক্ষীৰ জালত

Road Accident : শিৱসাগৰত ভয়ংকৰ পথ দুৰ্ঘটনা, কৰুণ মৃত্যুক সাবটিলে ২৬ বছৰীয়া যুৱ অভিযন্তা আকাশ লাহনে

Golaghat Police seized illegal weapons in Nagaland

logo atp | ASSAM TIMES POSTASSAM TIMES POST

অজন্তা তালুকদাৰ,বোকাখাতঃ

‘বুকুত ফুলৰ বাগিছা থাকিলে/কোনে কাক হত্যা কৰিব পাৰে…’

বোকাখাতৰ উৰ্বৰ সংস্কৃতিৰ পথাৰৰ পৰা অসমৰ কবিতাৰ ক্ষেত্ৰখনলৈ কবি সত্বাৰ অনন্য প্ৰতিভাৰে উজলি উঠি অকালতে জাগতিক পৃথিৱীৰ পৰা বিদায় লোৱা কবি মৃদুল বৰুৱাৰ ৫২ সংখ্যক জন্মদিন যোৱা ১৭ আগষ্টত বোকাখাত পুৱতি সাহিত্য সভা ভৱনত এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত পালন কৰা হয়।

বোকাখাতৰ গড়মূৰ গাঁৱত জন্ম গ্ৰহণ কৰা প্ৰয়াত কবি মৃদুল বৰুৱা বোকাখাত জে ডি এছ জি মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ সহকাৰী অধ্যাপক আছিল। ক্ৰমে ২০০৭ চনত সাহিত্য একাডেমিৰ সহযোগত বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ত অনুষ্ঠিত ‘ৰাষ্ট্ৰীয় কবি সন্মিলন’ৰ আৰু ২০০৯ চনত কাজিৰঙাত অনুষ্ঠিত সাহিত্য একাডেমিৰ ‘অনুবাদ কৰ্মশালা’ৰ তেওঁ সমন্বয়ক আছিল।

IMG 20190818 WA0016 | ASSAM TIMES POST

২০০৮ চনত প্ৰয়াত কবি গৰাকীয়ে সাহিত্য একডেমিৰদ্বাৰা গোৱাত অনুষ্ঠিত ‘সাহিত্য সন্মিলন’ত অংশগ্ৰহণ কৰিছিল। গল্প আৰু কবিতাৰ একত্ৰ সংকলন ‘মই তোৰ নীলা চৰাই’, কাব্য সংকলন ক্ৰমে ‘ধূলিময় বোকাময়’ আৰু ‘সপোনৰ ছাইবোৰ’ আৰু মৰণোত্তৰভাৱে প্ৰকাশিত কাব্য সংকলন ‘জুইফুলৰ আউল’ কবি মৃদুল বৰুৱাৰ ৰচনা সম্ভাৰ আৰু ‘কাকচাঙৰ গীতাৰ’ প্ৰকাশৰ পথত। বোকাখতীয়া কবিৰ নিৰ্বাচিত কাব্য সম্ভাৰৰ একত্ৰ সংকলন ‘দল হৰিণৰ চিঞৰ’ তেওঁৰ দ্বাৰা সম্পাদিত কাব্য সংকলন।

কবিৰ ভালেকেইটা কবিতা ইংৰাজী, হিন্দী আৰু বাংলা আদি ভাষালৈ অনুবাদ হৈছে। অসমীয়া কাব্য জগতৰ উজ্জ্বল নক্ষত্ৰ স্বৰূপ এই বহু প্ৰতিভাধৰ কবি গৰাকী একেধাৰে আছিল এগৰাকী সুদক্ষ অভিনেতা, বেহেলা বাদক, চিত্ৰশিল্পী, আবৃত্তিকাৰ, খেলুৱৈ তথা সংগঠক। কবি প্ৰয়াত অতুল বৰদলৈৰ ‘চিঞৰ’ কথাছবিৰ সহকাৰী পৰিচালক আছিল। একেধাৰে তেওঁ এগৰাকী জনপ্ৰিয় শিক্ষকো আছিল।

প্ৰয়াত কবি মৃদুল বৰুৱা অনুৰাগী সমাজ, বোকাখাতৰ উদ্যোগত জন্মদিৱস উপলক্ষ্যে বিশিষ্ট কবি অজিত গগৈ আৰু যুৱ সাংস্কৃতিক কৰ্মী ৰূপজ্যোতি ভড়ালীয়ে আঁত ধৰা অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে বোকাখাত পুৱতি সাহিত্য সভাৰ সভাপতি অপূৰ্ব বৰদলৈয়ে। অনুষ্ঠানৰ আৰম্ভণিতে গীত পৰিৱেশন কৰে কনমানি শিল্পী ইমন কল্যাণে। শিক্ষক তথা লেখক, গল্পকাৰ গীতিৰেখা দত্তই কবি মৃদুল বৰুৱাৰ কবিতাৰ এটি পৰ্য্যালোচনা আগবঢ়ায়।

IMG 20190818 WA0019 | ASSAM TIMES POST

অনুষ্ঠান তথা কবি সন্মিলনখনিত নগাঁও জিলা কবি সন্মিলনৰ সভাপতি তথা বিশিষ্ট কবি প্ৰদীপ শইকীয়া, বুৰঞ্জীবীদ তথা বিশিষ্ট কবি শিৱসাগৰৰ প্ৰেম গগৈ, বিশিষ্ট কবি ক্ৰমে গংগামোহন মিলি, ত্ৰিদীৱ বৰগোঁহাই, বিজয়ৰবি দাস, সদৌ অসম কবি সন্মিলনৰ ক্ৰমে প্ৰধান সম্পাদক তথা বিশিষ্ট কবি উজ্জ্বল পাওগাম, প্ৰাক্তন প্ৰধান সম্পাদক তথা বৰ্তমান উপদেষ্টা পৰাগ জ্যোতি মহন্ত আৰু কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক অচ্যুত কুমাৰ বৰা, যোৰহাটৰ ডাঃ প্ৰাঞ্জল জ্যতি দত্ত আৰু পাৰভেজ হোচেইন, কবি নিৱন্ধকাৰ ডাঃঃ নিত্যানন্দ শইকীয়া, বিশিষ্ট কবি দিলীপ ফুকন আৰু পলাশ লয়িং বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বক্তব্য ৰখাৰ লগতে স্বৰচিত কবিতা পাঠ কৰে। অনুষ্ঠানত শৰৎ হাজৰিকা, মনালিছা শইকীয়া, পপী শইকীয়া, প্ৰিয়াংশু প্ৰাঞ্জল, এনিশা উপাধ্যায়, দৃষ্টিৰূপা বৰদলৈ, নিপন লয়িং আৰু বহু সংখ্যক স্থানীয় কবিৰ স্বৰচিত কবিতা পাঠৰ লগতে আৰিফুল হোচেইন, ছবি বৰুৱা, তিলোৰাম কলিতা আদিয়ে প্ৰয়াত কবিগৰাকীৰ সৈতে কটোৱা সময়ৰ সান্নিধ্যৰ বিষয়ে স্মৃতিকথা আগবঢ়ায়।

অনুষ্ঠানত বিশিষ্ট নাট্যকাৰ কবি সাংবাদিক অমৰ শৰ্মা, সদৌ অসম সাংবাদিক সন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক পলিমা চেতিয়া বসুমতাৰী, প্ৰয়াস অধ্যয়ন চক্ৰৰ মুখ্য সম্পাদক সোণেশ্বৰ নৰহ, বিশিষ্ট কবি নাট্যকৰ্মী পল্লৱ হাজৰিকা, কবি সাংবাদিক অজন্তা তালুকদাৰ, যুৱ নাট্যকৰ্মীদ্বয় তৰুণ তীৰ্থ শইকীয়া আৰু দোলন বাহেক, কবি মৃদুল বৰুৱা অনুৰাগী সমাজৰ আহ্বায়ক সমিতিৰ হৈ অজিত গগৈৰ লগতে ক্ৰমে বোকাখাত জে ডি এছ জি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মূৰব্বী অধ্যাপক তথা বিশিষ্ট লেখক ড° ৰুবী বৰা, বোকাখাত জে ডি এছ জি মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক তথা বিশিষ্ট কবি লেখক ড° অৰুণ বৰা, বোকাখাত জে ডি এছ জি মহাবিদ্যালয়ৰ বাণিজ্য বিভাগৰ সহযোগী অধ্যাপক তথা বিশিষ্ট ক্ৰীড়াবীদ ক্ৰীড়া সংগঠক সুবোধ বৰা, খুমটাই জয়া গগৈ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ সহযোগী অধ্যাপক ড° অনন্ত গগৈ, বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ গ্ৰন্থগাৰিক শ্ৰীমন্ত মাধৱ বৰা আৰু বিশিষ্ট সাংস্কৃতিক কৰ্মী দিবাকৰ শৰ্মা, আৰু বহু স্থানীয় গণ্যমান্য ব্যক্তি উপস্থিত আছিল।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Share33Tweet5Send

Related Posts

দুৰ্গোৎসৱৰ মাজতে বশিষ্ট আৰক্ষীৰ বৃহৎ অভিযান,৪ ডকাইত পৰিল আৰক্ষীৰ জালত
ALL NEWS

দুৰ্গোৎসৱৰ মাজতে বশিষ্ট আৰক্ষীৰ বৃহৎ অভিযান,৪ ডকাইত পৰিল আৰক্ষীৰ জালত

by ASSAM TIMES POST
October 18, 2026
51
Fakiraganj Road accident : ই-ৰিক্সাৰ খুন্দাত থিতাতে প্ৰাণ হেৰুৱালে কণমানি
accident

Road Accident : শিৱসাগৰত ভয়ংকৰ পথ দুৰ্ঘটনা, কৰুণ মৃত্যুক সাবটিলে ২৬ বছৰীয়া যুৱ অভিযন্তা আকাশ লাহনে

by ASSAM TIMES POST
October 18, 2026
51
Golaghat Police seized illegal weapons in Nagaland
ALL NEWS

Golaghat Police seized illegal weapons in Nagaland

by ASSAM TIMES POST
September 29, 2026
50
Tragedy at Night: 4 Family Members Burned to Death After Refrigerator Explodes while Sleeping
ALL NEWS

Tragedy at Night: 4 Family Members Burned to Death After Refrigerator Explodes while Sleeping

by News Desk
September 15, 2026
54
Delhi blast : লালকিল্লাত নহয়, দিল্লীৰ জৈন মন্দিৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল; প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহৰ দাবী নিয়াৰ
ALL NEWS

Delhi blast : লালকিল্লাত নহয়, দিল্লীৰ জৈন মন্দিৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল; প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহৰ দাবী নিয়াৰ

by News Desk
September 10, 2026
53
Sheikh Hasina : ধন আৰু আস্থাৰ অভাৱ, বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা পদত্যাগ হাছিনাৰ কন্যা ছাইমাৰ
ALL NEWS

Sheikh Hasina : ধন আৰু আস্থাৰ অভাৱ, বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা পদত্যাগ হাছিনাৰ কন্যা ছাইমাৰ

by News Desk
September 10, 2026
51
ADVERTISEMENT
Medicine price : উচ্চতম ন্যায়ালয়ৰ তিৰস্কাৰ, ৮০ হাজাৰৰ ঔষধ এতিয়া ৭ হাজাৰ টকাত উপলব্ধ
National-International

Tata group : টাটা গ্ৰুপ ধ্বংস হৈ আছে, কোনো এজন উদ্যোগপতিৰ এটা শব্দও ক’বলৈ সাহস কৰা নাই : মোদী-শ্বাহক তীব্ৰ সমালোচনা ৰাহুল গান্ধীৰ

October 28, 2026

Responsible for the escape from Ghanakanta’s hostage situation! Court issues strict instructions for the security of the killer of five murders
Guwahati

Responsible for the escape from Ghanakanta’s hostage situation! Court issues strict instructions for the security of the killer of five murders

October 28, 2026
50
Arnab cyclone : স্থলভাগত উপস্থিত ঘূৰ্ণীবতাহ অৰ্ণৱ, অন্ধ্ৰ-ওড়িশাত প্ৰচণ্ড বৰষুণ
National-International

Arnab cyclone : স্থলভাগত উপস্থিত ঘূৰ্ণীবতাহ অৰ্ণৱ, অন্ধ্ৰ-ওড়িশাত প্ৰচণ্ড বৰষুণ

October 28, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Medicine price : উচ্চতম ন্যায়ালয়ৰ তিৰস্কাৰ, ৮০ হাজাৰৰ ঔষধ এতিয়া ৭ হাজাৰ টকাত উপলব্ধ

Tata group : টাটা গ্ৰুপ ধ্বংস হৈ আছে, কোনো এজন উদ্যোগপতিৰ এটা শব্দও ক’বলৈ সাহস কৰা নাই : মোদী-শ্বাহক তীব্ৰ সমালোচনা ৰাহুল গান্ধীৰ

October 28, 2026
Medicine price : উচ্চতম ন্যায়ালয়ৰ তিৰস্কাৰ, ৮০ হাজাৰৰ ঔষধ এতিয়া ৭ হাজাৰ টকাত উপলব্ধ

Medicine price : উচ্চতম ন্যায়ালয়ৰ তিৰস্কাৰ, ৮০ হাজাৰৰ ঔষধ এতিয়া ৭ হাজাৰ টকাত উপলব্ধ

October 28, 2026
Responsible for the escape from Ghanakanta’s hostage situation! Court issues strict instructions for the security of the killer of five murders

Responsible for the escape from Ghanakanta’s hostage situation! Court issues strict instructions for the security of the killer of five murders

October 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d