ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

কৰোনা চিকিৎসাত উমিফেনোভিৰ ঔষধত অনুমতি ড্রাগ কন্ট্রোলৰ : তৃতীয় পর্যায়ৰ ট্রায়েল আৰম্ভ চিএছআইআৰৰ

Press Desk by Press Desk
June 19, 2020
Reading Time: 1 min read
A A
0
কৰোনা চিকিৎসাত উমিফেনোভিৰ ঔষধত অনুমতি ড্রাগ কন্ট্রোলৰ : তৃতীয় পর্যায়ৰ ট্রায়েল আৰম্ভ চিএছআইআৰৰ

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

বিশেষ প্ৰতিবেদন:

লক্ষ্ণৌত চিএছআইআৰৰ চেণ্ট্ৰেল ড্রাগ ৰিছার্চ ইনষ্টিটিউটৰ (চিডিআৰআই) লেবৰেটৰিত উমিফেনোভিৰ ঔষধক লৈ গৱেষণা চলিছে। এই ঔষুধৰ পৰ্যায়-৩ৰ ট্রায়েল হ’ব লক্ষ্ণৌৰ কিং জর্জ মেডিকেল ইউনিভাৰ্ছিটি, ডঃ ৰাম মনোহৰ লোহিয়া ইনষ্টিটিউট অব মেডিকেল ছায়েন্স আৰু লক্ষ্ণৌ মেডিকেল কলেজ তথা হাস্পতালত।

ৰেমডেচিভিৰ, ইন্টাৰফেৰন, টোচিলিজুমাবৰ উপৰি কৰোনা চিকিৎসাৰ ট্রায়েলত আৰু এবিধ ঔষধক স্বীকৃতি দিলে ড্রাগ কন্ট্রোলে। ইনফ্লুয়েঞ্জা প্রতিৰোধী উমিফেনোভিৰ (Umifenovir) ঔষধে কৰোনা সংক্রমণ কমোৱাতো ভাল কাম কৰিছে বুলি দাবী। এই ঔষধৰ প্রথম দুই ট্রায়েলৰ ৰিপোর্ট সন্তোষজনক বুলি জনাইছে কেন্দ্রৰ বিজ্ঞান আৰু প্রযুক্তি মন্ত্রালয়ৰ অধীনস্থ কাউন্সিল অব ছায়েন্টিফিক এণ্ড ইন্ডাষ্ট্ৰিয়েল ৰিছার্চ (চিএছআইআৰ)-এ। কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয় আৰু ড্রাগ কন্ট্রোলৰ অনুমোদনত এই ঔষধৰ তৃতীয় পর্যায়ৰ ট্রায়েল আৰম্ভ হ’বলৈ আগবাঢ়িছে।

কৰোনা থেৰাপিত কেনেদৰে কাম কৰিব উমিফেনোভিৰে?

উমিফেনোভিৰৰ ব্ৰেণ্ড নাম হ’ল আৰবিডল (Arbidol) । ই মূলত এণ্টিভাইৰেল ঔষধ যিয়ে ইনফ্লুয়েঞ্জাৰ দৰে সংক্রমণ ৰোধত কামত লাগে। এই ঔষধৰ নির্মাতা সংস্থা এটি ৰাছিয়ান কোম্পানি ফার্মষ্টেণ্ডার্ড। চীন আৰু ৰাছিয়াতেই এই ঔষধৰ ব্যৱহাৰ বেছি। মার্কিন ফুড এণ্ড ড্রাগ এডমিনিস্ট্রেচন (এফডিএ)-এ এই ঔষধক ইমার্জেন্সি মেডিচিনৰ তালিকাত নেপেলালেও, ভাইৰেল সংক্রমণৰ চিকিৎসাত এই ঔষধৰ প্রয়োগ কৰে চিকিৎসকসকলে।

উমিফেনোভিৰৰ কাম হ’ল ভাইৰাছৰ লিপিড-প্রোটিন মেমব্রেনক মানুহৰ দেহকোষৰ কোষপর্দাৰ সৈতে যুক্ত হোৱাত বাধা দিয়া। অর্থাৎ ভাইৰেল কেপচিড আৰু দেহকোষৰ ৰিচিপ্টৰৰ মাজত যি যোগসূত্র সৃষ্টি হয়, তাক ভাঙি দিব পাৰে এই ঔষধে। ছাৰ্ছ-কভ-২ ভাইৰাছৰ স্পাইক গ্লাইকোপ্রোটিন (S) দেহকোষৰ দুই ৰিচিপ্টৰ প্রোটিন যথা ACE2 ও CD147-ৰ সৈতে যুক্ত হৈ কোষৰ ভিতৰত সোমাব পাৰে। গৱেষকসকলে কৈছে, উমিফেনোভিৰে ভাইৰেল প্রোটিন আৰু দেহকোষৰ প্রোটিনৰ মাজৰ সেতুডালেই নষ্ট কৰি দিব পাৰে। ফলত ভাইৰাছে আৰু কোষত সোমাই প্রতিলিপি সৃষ্টি কৰি সংখ্যা বঢ়াব নোৱাৰে। শৰীৰত ভাইৰাছৰ বিভাজন যদি কমি যায় তেতিয়াহ’লে সংক্রমণ বিয়পি পৰাৰ সম্ভাৱনাও কমে। দেখা গৈছে, উমিফেনোভিৰ ডিএনএ ভাইৰাছৰ তুলনাত আৰএনএ ভাইৰাছৰ সংক্রমণ কমাবলৈ বেছি কার্যকৰীরী। এই গুণটোকেই কামত লগাব বিচাৰিছে বিজ্ঞানীসকলে।

চিএছআইআৰ-চিডিআৰআইৰ সঞ্চালক অধ্যাপক তাপস কুণ্ডুৱে কয়, উমিফেনোভিৰ কৰোনা চিকিৎসাত নিৰাপদ। ক্নিনিকেল ট্রায়েলতো দেখা গৈছে, এই ঔষুধৰ ক্রিয়া ৰোগীসকলৰ বাবেও সুৰক্ষিত। আনকি প্রোফাইলেকটিক ড্রাগ হিচাবেও উমিফেনোভিৰৰ ব্যৱহাৰ হ’ব পাৰে।

আনহাতে, চিএছআইআৰৰ ডিৰেক্টৰ জেনেৰেল ডক্টৰ শেখৰ চি মান্ডেই কয়, উমিফেনোভিৰৰ ট্রায়েল ৰিপোর্ট ভালৰ দিশেই। কৰোনা উপশমত এই ঔষধে কার্যকৰী ভূমিকা গ্ৰহণ কৰিব পাৰে। ভাৰততো এই ঔষধৰ উৎপাদন আৰম্ভ কৰিছে গোৱাৰ এটি কোম্পানি মেডিজ়েষ্ট ফার্মাচিউটিকেলছে। এই সংস্থাই ড্রাগ কন্ট্রোলৰ লাইচেন্সো লাভ কৰিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: feature
Share6Tweet4Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
ADVERTISEMENT
Assam Protests Over Price Rise: AASU Asks, Govt with People or Elite?
Assam

Assam Protests Over Price Rise: AASU Asks, Govt with People or Elite?

August 27, 2026
50
Nepal Floods : সাত বছৰ পূৰ্বে বিপদ সংকেত পাইছিল, নেপালৰ ভোটে কোশী নদীত আকস্মিক বানৰ আঁৰৰ কাৰণ কি?
National-International

Nepal Floods : সাত বছৰ পূৰ্বে বিপদ সংকেত পাইছিল, নেপালৰ ভোটে কোশী নদীত আকস্মিক বানৰ আঁৰৰ কাৰণ কি?

August 27, 2026
50
Tuliram Ranghang : ধৰতী আবা জনজাতীয় গ্ৰাম উৎকর্ষ অভিযানৰ অধীনত জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ক তুলিৰাম ৰংহাঙৰ কেইবাটাও প্ৰস্তাৱ দাখিল
KARBI ANGLONG

Tuliram Ranghang : ধৰতী আবা জনজাতীয় গ্ৰাম উৎকর্ষ অভিযানৰ অধীনত জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ক তুলিৰাম ৰংহাঙৰ কেইবাটাও প্ৰস্তাৱ দাখিল

August 27, 2026
50
Kanpur aircraft crash : কানপুৰত প্ৰশিক্ষণ বিমান দুৰ্ঘটনাত ২ পাইলটৰ মৃত্যু
National-International

Kanpur aircraft crash : কানপুৰত প্ৰশিক্ষণ বিমান দুৰ্ঘটনাত ২ পাইলটৰ মৃত্যু

August 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam Protests Over Price Rise: AASU Asks, Govt with People or Elite?

Assam Protests Over Price Rise: AASU Asks, Govt with People or Elite?

August 27, 2026
Nepal Floods : সাত বছৰ পূৰ্বে বিপদ সংকেত পাইছিল, নেপালৰ ভোটে কোশী নদীত আকস্মিক বানৰ আঁৰৰ কাৰণ কি?

Nepal Floods : সাত বছৰ পূৰ্বে বিপদ সংকেত পাইছিল, নেপালৰ ভোটে কোশী নদীত আকস্মিক বানৰ আঁৰৰ কাৰণ কি?

August 27, 2026
Tuliram Ranghang : ধৰতী আবা জনজাতীয় গ্ৰাম উৎকর্ষ অভিযানৰ অধীনত জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ক তুলিৰাম ৰংহাঙৰ কেইবাটাও প্ৰস্তাৱ দাখিল

Tuliram Ranghang : ধৰতী আবা জনজাতীয় গ্ৰাম উৎকর্ষ অভিযানৰ অধীনত জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ক তুলিৰাম ৰংহাঙৰ কেইবাটাও প্ৰস্তাৱ দাখিল

August 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d