ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ডেৰ বছৰ অন্তত বিহাৰৰ পৰিয়ালৰ সৈতে পুণৰ মিলন ঘটিল আশীতীপৰ আশ্ৰয়হীন বৃদ্ধৰ

News Desk by News Desk
June 19, 2020
Reading Time: 1 min read
A A
0
ডেৰ বছৰ অন্তত বিহাৰৰ পৰিয়ালৰ সৈতে পুণৰ মিলন ঘটিল আশীতীপৰ আশ্ৰয়হীন বৃদ্ধৰ

RELATED POSTS

Assam Protests Over Price Rise: AASU Asks, Govt with People or Elite?

Tuliram Ranghang : ধৰতী আবা জনজাতীয় গ্ৰাম উৎকর্ষ অভিযানৰ অধীনত জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ক তুলিৰাম ৰংহাঙৰ কেইবাটাও প্ৰস্তাৱ দাখিল

Centipede grass : কাৰ্বি আংলঙত বিৰল প্ৰজাতিক ঘাঁহ আৱিষ্কাৰ

0 1 e1574345654996 6 1 2 2 4 | ASSAM TIMES POST ASSAM TIMES POST

ডিফু : জনসেৱাই যাৰ কৰ্ম জীৱনৰ লক্ষ্য আৰু উদ্দেশ্য ৷ সেই মহৎ উদ্দেশ্য আৰু লক্ষ্যই প্ৰকৃতাৰ্থত প্ৰতিপণ্ণ হ’ল কাৰবি আংলং জিলাৰ উপায়ুক্ত মুকুল কুমাৰ শইকীয়াৰ শেহতীয়া এক মৰ্মস্পৰ্শী কৰ্ম সমাপন কাৰ্যত ৷

এটি টেলিফোনিক বাৰ্তালাপত উপায়ুক্ত গৰাকীয়ে মহানুভৱতাৰ পৰিচয় দাঙি ধৰি তৎক্ষণাত সঁহাৰি জনাই যথোচিৎ ব্যৱস্থা গ্ৰহণ কৰাৰ ফলত দীৰ্ঘ ডেৰ বছৰ অন্তত পুণৰ মিলন হ’ল বিহাৰৰ পিতা-পুত্ৰৰ ৷ সেইদিনা আছিল চলিত মাহৰ ৬ জুন ৷

অতিমাৰী কাল কৰোনাৰ বাবে চলি থকা লক ডাউনৰ মাজতে নিশা প্ৰায় ১০ বজাত ডিফু লামডিং পথৰ ৮ কিলোৰ পথৰ কাষৰ এটি অস্থায়ী অপেক্ষা ছাউনীত এগৰাকী আশীতীপৰ বৃদ্ধক অতিশয় ভোকাতুৰ আৰু ভয়াৰ্ত হিচাপে হাত-ভৰি কোঁচাই বহি থকা প্ৰত্যক্ষ কৰে স্থানীয় যুৱক পিটৰ টিচ’য়ে ৷

বৃদ্ধক এনেদৰে দেখি পিটৰ টিচ’য়ে অলপো সময় ব্যয় নকৰাকৈ ঘটনা সংক্ৰান্তত মোবাইল ফোনেৰে জিলা উপায়ুক্ত মুকুল কুমাৰ শইকীয়াক অৱগত কৰে ৷ এটি মাত্ৰ ফোনকল তাকো গভীৰ নিশাত ৷

তথাপি উপায়ুক্ত গৰাকীয়ে ফোনকলটোৰ প্ৰতি পূৰ্ণ সঁহাৰি জনাই বিপদত পৰা বৃদ্ধ গৰাকীক ডিফু লামডিং পথৰ ১২ কিলো কোৱাৰেণ্টাইন চেণ্টাৰত কোৱাৰেণ্টাইনত ৰাখিবলৈ ডিফু থানাৰ অ’চি চিৰাজ ইংতিক নিৰ্দেশ প্ৰদান কৰে৷

সেই মতে বৃদ্ধ গৰাকীক কোৱাৰেণ্টাইন কেন্দ্ৰত ৰখা হয় ৷ আশীতীপৰ বৃদ্ধগৰাকীক এক নিৰাপদ আৰু সুস্থ পৰিবেশ প্ৰয়োজন বুলি উপায়ুক্ত গৰাকীয়ে হৃদয়াংগম কৰি উপায়ুক্তগৰাকীয়ে বকলীয়াঘাটৰ সমাজকৰ্মী তথা হিন্দীভাষী সন্থাৰ সভাপতি ৰাধেশ্যাম চৌহানক ঘটনা সন্দৰ্ভত অৱগত কৰে আৰু সেই নিশাই ৰাধেশ্যামে বৃদ্ধগৰাকীক বকলীয়াঘাটলৈ লৈ যোৱাৰ বাবে সন্মত হয় ৷

জিলা উপায়ুক্তৰ নিৰ্দেশ মৰ্মে অতিৰিক্ত উপায়ুক্ত ৰাজেশন তেৰাঙে বৃদ্ধগৰাকীৰ বাবে গাড়ীৰ ব্যৱস্থা কৰি দিয়ে আৰু ৰাধেশ্যাম চৌহানে বৃদ্ধ গৰাকীক চমজি লৈ বকলীয়াঘাটৰ শ্ৰীশ্ৰী ৰাম জানকি শিৱ মন্দিৰত ৰখাৰ ব্যৱস্থা কৰে৷

ইয়াৰ পিছত ৰাধেশ্যাম চৌহানৰ সৈতে হোৱা বৃদ্ধ গৰাকীৰ কথোপকথনত বৃদ্ধ গৰাকী বিহাৰৰ সমষ্টিপুৰ জিলাৰ শ্ৰীবিন্দু সিং ওৰফে বিন্দেশ্বৰ সিং বুলি চিনাক্ত কৰা হয় ৷ উদ্ধাৰ হোৱা আশ্ৰয়হীন আশীতীপৰ বৃদ্ধগৰাকীৰো আছে অকথিত জীৱন গাঁথা ৷

বৃদ্ধ গৰাকীৰ পৰিচয় লাভ কৰাৰ পিছতে ৰাধেশ্যাম চৌহানে বিহাৰৰ আৰক্ষী সঞ্চালকৰ সৈতে বৃদ্ধজনৰ সন্দৰ্ভত অৱগত কৰাৰ লগতে একে সময়তে ৰাধেশ্যাম গুপ্তা আৰু বলদেৱ চৌহানে ঘটনাৰ সন্দৰ্ভত সমষ্টিপুৰ জিললা পৰ্টেল আৰু ফেইছ বুকত পষ্ট কৰে ৷ ভৱামতে কাম! সফল হ’ল ৰাধেশ্যাম গুপ্তা আৰু বলদেৱ চৌহান৷

বিহাৰত থকা বৃদ্ধ বিন্দু সিঙৰ পৰিয়ালে গম পালে ডেৰ বছৰ পূৰ্বে নিৰুদ্ধেশ হোৱা পিতৃৰ সন্ধান লাভৰ কথা ৷ ৰাধেশ্যাম আৰু বলদেৱে আশ্ৰয়হীন বৃদ্ধ বিন্দু সিঙৰ পুত্ৰ ঘুৰণ সিঙ পৰিয়ালৰ সৈতে ভিডিঅ কল কৰাৰো ব্যৱস্থা কৰি দিয়ে ৷

পৰিয়ালৰ লোকে বৃদ্ধ গৰাকীৰ বিষয়ে দিলে এক হৃদয়স্পৰশী বিৱৰণ ৷ বিন্দু সিঙৰ সৈতে পুত্ৰ ঘূৰণ সিঙে হাৰিয়াণাৰ কুৰুক্ষেত্ৰত কাম কৰিবলৈ গৈছিল ৷ কিছুদিন থকাৰ পিছত বিন্দু সিঙ সমষ্টিপুৰৰ নিজ ঘৰলৈ আহিবলৈ মন মেলে ৷

পুত্ৰ ঘূৰণ সিঙে পিতৃক সমষ্টিপুৰ ৰেল ষ্টেছনৰ পৰা নিবলৈ ভিনিহিয়েকক অনুৰোধ কৰি পিতৃ বিন্দু সিঙক ৰেলত উঠাই দিয়ে ৷ সমষ্টিপুৰ ষ্টেচনত শশুৰৰ অপেক্ষাত জোঁৱাই অপেক্ষা কৰি থাকিল, কিন্ত শশুৰ বিন্দু সিঙ সমষ্টিপুৰ পোৱাৰ পূৰ্বেই আন এটা ষ্টেচনত অজ্ঞাত বশত: নামি পৰিল৷

ইফালে জোঁৱাইয়ে শশুৰেকক নাপাই বিমূখ হৈ ঘৰমুৱা হ’ল ৷ তেতিয়াৰ পৰাই বিন্দু সিঙৰ পৰিয়ালৰ লোক চৰম আশংকাত ভুগি আছে বুলি জনায়৷ আনহাতে বিন্দু সিঙে নিজৰ গন্তব্য স্থান বিচাৰি নাপাই আন এখন ৰেলত উঠি অসমৰ কাৰবি আংলং জিলাৰ সদৰ ডিফুলৈ আহে ৷

তাৰ পিছৰ পৰাই বিন্দু সিঙে ডিফুৰ য’ত ত’ত অসহায় ভাবে ঘূৰি ফুৰি থাকোঁতে বিধিৰ বিপাক খণ্ডন হৈ স্থানীয়লোকৰ সহযোগত জিলা উপায়ুক্তৰ লগতে ৰাধেশ্যাম চৌহানৰ বিবেচনালৈ আহে তেওঁৰ জীৱনৰ অবৰ্ণনীয় জীৱন গাঁথা ৷ অৱশেষত, বিন্দু সিঙৰ পুত্ৰ ঘূৰণ সিঙ সূদূৰ বিহাৰৰ পৰা বকলীয়াঘাটত উপস্থিত হৈ জিলা প্ৰশাসনৰ সহযোগত নিৰুদ্দিষ্ট পিতৃ বিন্দু সিঙক সুস্থ শৰীৰে বিহাৰলৈ লৈ যায় ৷

জিলা উপায়ুক্ত মুকুল কুমাৰ শইকীয়া আৰু একাংশ সমাজ কৰ্মী আৰু মানৱ দৰদী লোকৰ বাবেই ডেৰ বছৰ ধৰি পৰিয়ালৰ পৰা বিচ্ছিন্ন হৈ পৰা এগৰাকী বৃদ্ধই নিজ পৰিয়ালৰ সৈতে পুণৰ মিলন ঘটিবলৈ সম্ভৱ হ’ল ৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: feature
Share8Tweet5Send

Related Posts

Assam Protests Over Price Rise: AASU Asks, Govt with People or Elite?
Assam

Assam Protests Over Price Rise: AASU Asks, Govt with People or Elite?

by ASSAM TIMES POST
August 27, 2026
50
Tuliram Ranghang : ধৰতী আবা জনজাতীয় গ্ৰাম উৎকর্ষ অভিযানৰ অধীনত জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ক তুলিৰাম ৰংহাঙৰ কেইবাটাও প্ৰস্তাৱ দাখিল
KARBI ANGLONG

Tuliram Ranghang : ধৰতী আবা জনজাতীয় গ্ৰাম উৎকর্ষ অভিযানৰ অধীনত জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ক তুলিৰাম ৰংহাঙৰ কেইবাটাও প্ৰস্তাৱ দাখিল

by ASSAM TIMES POST
August 27, 2026
50
Centipede grass : কাৰ্বি আংলঙত বিৰল প্ৰজাতিক ঘাঁহ আৱিষ্কাৰ
KARBI ANGLONG

Centipede grass : কাৰ্বি আংলঙত বিৰল প্ৰজাতিক ঘাঁহ আৱিষ্কাৰ

by ASSAM TIMES POST
August 27, 2026
50
BTC Vice Chairman death : বিটিচিৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰীয়ে ল’লে চৰম সিদ্ধান্ত
Assam

BTC Vice Chairman death : বিটিচিৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰীয়ে ল’লে চৰম সিদ্ধান্ত

by News Desk
August 27, 2026
50
Tinsukia Gang-Rape : Young Woman, Accused Held from Arunachal
Assam

Tinsukia Gang-Rape : Young Woman, Accused Held from Arunachal

by News Desk
August 27, 2026
50
Assam cattle preserve act : দৰং-নলবাৰীত অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান, ৫০ গোধনসহ গ্ৰেপ্তাৰ ২
Assam

Assam cattle preserve act : দৰং-নলবাৰীত অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান, ৫০ গোধনসহ গ্ৰেপ্তাৰ ২

by News Desk
August 27, 2026
50
ADVERTISEMENT
Assam Protests Over Price Rise: AASU Asks, Govt with People or Elite?
Assam

Assam Protests Over Price Rise: AASU Asks, Govt with People or Elite?

August 27, 2026
50
Nepal Floods : সাত বছৰ পূৰ্বে বিপদ সংকেত পাইছিল, নেপালৰ ভোটে কোশী নদীত আকস্মিক বানৰ আঁৰৰ কাৰণ কি?
National-International

Nepal Floods : সাত বছৰ পূৰ্বে বিপদ সংকেত পাইছিল, নেপালৰ ভোটে কোশী নদীত আকস্মিক বানৰ আঁৰৰ কাৰণ কি?

August 27, 2026
50
Tuliram Ranghang : ধৰতী আবা জনজাতীয় গ্ৰাম উৎকর্ষ অভিযানৰ অধীনত জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ক তুলিৰাম ৰংহাঙৰ কেইবাটাও প্ৰস্তাৱ দাখিল
KARBI ANGLONG

Tuliram Ranghang : ধৰতী আবা জনজাতীয় গ্ৰাম উৎকর্ষ অভিযানৰ অধীনত জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ক তুলিৰাম ৰংহাঙৰ কেইবাটাও প্ৰস্তাৱ দাখিল

August 27, 2026
50
Kanpur aircraft crash : কানপুৰত প্ৰশিক্ষণ বিমান দুৰ্ঘটনাত ২ পাইলটৰ মৃত্যু
National-International

Kanpur aircraft crash : কানপুৰত প্ৰশিক্ষণ বিমান দুৰ্ঘটনাত ২ পাইলটৰ মৃত্যু

August 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam Protests Over Price Rise: AASU Asks, Govt with People or Elite?

Assam Protests Over Price Rise: AASU Asks, Govt with People or Elite?

August 27, 2026
Nepal Floods : সাত বছৰ পূৰ্বে বিপদ সংকেত পাইছিল, নেপালৰ ভোটে কোশী নদীত আকস্মিক বানৰ আঁৰৰ কাৰণ কি?

Nepal Floods : সাত বছৰ পূৰ্বে বিপদ সংকেত পাইছিল, নেপালৰ ভোটে কোশী নদীত আকস্মিক বানৰ আঁৰৰ কাৰণ কি?

August 27, 2026
Tuliram Ranghang : ধৰতী আবা জনজাতীয় গ্ৰাম উৎকর্ষ অভিযানৰ অধীনত জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ক তুলিৰাম ৰংহাঙৰ কেইবাটাও প্ৰস্তাৱ দাখিল

Tuliram Ranghang : ধৰতী আবা জনজাতীয় গ্ৰাম উৎকর্ষ অভিযানৰ অধীনত জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ক তুলিৰাম ৰংহাঙৰ কেইবাটাও প্ৰস্তাৱ দাখিল

August 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d