
লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে কেন্দ্ৰীয় চৰকাৰে আইডিবিআই বেংকত বিনিয়োগ বন্ধ কৰাৰ সিদ্ধান্তৰ বিৰোধিতা প্ৰকাশ কৰিছে। আন্দোলনকাৰী বেংকৰ কৰ্মচাৰীসকলৰ প্ৰতিও সমৰ্থন প্ৰকাশ কৰি বৃহস্পতিবাৰে তেওঁলোকক মুকলি পত্ৰযোগে লিখিছে, “মই আপোনালোকৰ যুঁজত আপোনালোকৰ লগত আছোঁ।”
পত্ৰখনত ৰাহুল গান্ধীয়ে কয় যে যদি আইডিবিআই সম্পূৰ্ণৰূপে ব্যক্তিগতকৰণ হয় তেন্তে অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষণ বন্ধ হৈ যাব। ফলত তেওঁলোকৰ স্বাৰ্থত প্ৰভাৱ পৰিব। উল্লেখ্য যে ১৪ অক্টোবৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত কেন্দ্ৰীয় কেবিনেটে আইডিবিআই বেংকৰ ৬০.৭২ শতাংশ নিয়ন্ত্ৰণ অংশীদাৰিত্ব কানাডাস্থিত বিনিয়োগ সংস্থা ফেয়াৰফেক্স ফাইনেন্সিয়েল হোল্ডিংছক প্ৰায় ৫২,৮৭৮ কোটি টকাত বিক্ৰী কৰাৰ প্ৰস্তাৱত অনুমোদন জনায়। মোদী কেবিনেটৰ সিদ্ধান্ত অনুসৰি, কেন্দ্ৰীয় চৰকাৰ আৰু ভাৰতীয় জীৱন বীমা নিগম দুয়োটাই নিজৰ শ্বেয়াৰৰ এটা অংশ বিক্ৰী কৰিব। বিক্ৰীৰ পিছত চৰকাৰৰ হাতত আইডিবিআইৰ প্ৰায় ১৫ শতাংশ আৰু এলআইচিৰ হাতত থাকিব প্ৰায় ১৯ শতাংশ।

কেন্দ্ৰৰ এই সিদ্ধান্তৰ প্ৰতিবাদত বেংক কৰ্মচাৰী সংগঠনৰ যৌথ মঞ্চ ‘ইডিবিআই বিষয়া আৰু কৰ্মচাৰীৰ সংযুক্ত মঞ্চ’ই (ইউএফআইঅ’ই) আন্দোলন আৰম্ভ কৰিছে। ব্যক্তিগতকৰণ প্ৰক্ৰিয়া স্থগিত ৰখাৰ দাবী জনাই ইউএফআইঅ’ইয়ে ২ আৰু ৩ নৱেম্বৰত দেশজোৰা ধৰ্মঘট আৰু অনশন কাৰ্যসূচীৰ আহ্বান জনাইছে। আন্দোলনক সমৰ্থন কৰি ৰাহুল গান্ধীয়ে বৃহস্পতিবাৰে লিখিছে, “অদম্য প্ৰচেষ্টাৰ বাবে যোৱা বছৰ বেংকটোৱে ৯ হাজাৰ কোটিতকৈ অধিক লাভ কৰিছিল।” আৰ্থিক পৰিস্থিতিৰ উন্নতিৰ পিছতো চৰকাৰে কিয় অংশীদাৰিত্ব বিক্ৰী কৰাৰ সিদ্ধান্ত ল’লে বুলি প্ৰশ্ন উত্থাপন কৰি লোকসভাৰ বিৰোধী দলপতিগৰাকীয়ে সোঁৱৰাই দিয়ে যে ২০০৩ চনত তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ চৰকাৰে সংসদক আশ্বাস দিছিল যে চৰকাৰৰ আইডিবিআই বেংকত কমেও ৫১ শতাংশ অংশীদাৰিত্ব থাকিব।











