
কেন্দ্রই প্রথমবাৰৰ বাবে বিগত বছৰৰ সিন্দুৰ অভিযানত (operation sindoor) শ্বহীদ হোৱা ছয়জন জোৱান (Six soldiers martyred) আৰু তেওঁলোকৰ পৰিচয় প্রকাশ (Introduction) কৰিছে৷ মোদী চৰকাৰে ঘোষণা (Modi government announces) কৰিছে যে তেওঁলোকক মৰণোত্তৰ সন্মান প্ৰদান (Posthumous honor award) কৰা হ’ব।
যোৱা বছৰৰ মে’ মাহত ‘অপাৰেচন সিন্দুৰ’ত শ্বহীদ হৈছে ৰাইফলমেন সুনীল কুমাৰ, চুবেদাৰ মেজৰ পৱন কুমাৰ, লেন্স নায়ক দীনেশ কুমাৰ, অগ্নিবীৰ মুদ মুৰলী নাইক, হাবিলদাৰ সুনীল কুমাৰ সিং আৰু বায়ুসেনাৰ চাৰ্জেণ্ট সুৰেন্দ্ৰ কুমাৰ । দেশৰ সেৱাত প্ৰাণ আহুতি দিয়া এই বীৰসকলৰ স্মৃতিত উৎসৰ্গিত স্মৃতিসৌধৰ থ্ৰীডি দেৱালত নাম খোদিত কৰা হৈছে। অৱশ্যে ইমান দিনৰ মূৰত তেওঁলোকৰ নাম আৰু পৰিচয় পোহৰলৈ আহিছে। মে’ মাহত ভাৰত আৰু পাকিস্তানৰ মাজত চাৰিদিনীয়া সংঘাতত মৃত্যু হোৱা দুজন লোকক মৰণোত্তৰভাৱে বীৰ চক্ৰৰে সন্মানিত কৰা হৈছে।

ৰাইফলমেন সুনীলক বীৰ চক্ৰৰে সন্মানিত কৰা হৈছে। যোৱা ৮ জুনত ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা শ্বহীদ সুনীলৰ পিতৃ-মাতৃয়ে এই সন্মান লাভ কৰে। চাৰ্জেণ্ট সুৰেন্দ্ৰক বায়ুসেনাৰ পদক প্ৰদান কৰা হৈছে। কেন্দ্ৰই কয় যে সামৰিক পৰম্পৰা অনুসৰি ছয়গৰাকী বীৰৰ নাম নতুন দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মৃতিসৌধৰ দেৱালত খোদিত কৰা হ’ব।
উল্লেখ্য যে ২০২৫ চনৰ এপ্ৰিল মাহত পহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোক নিহত হৈছিল। এই আক্ৰমণৰ আঁৰত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীৰ প্ৰমাণ পোৱা গৈছে যদিও এই অভিযোগ পাকিস্তানে অস্বীকাৰ কৰিছে। অৱশ্যে ভাৰতীয় সেনাই সিন্দুৰ অভিযানত দেশখনৰ সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰে। নতুনকৈ প্ৰকাশ পোৱা নামসমূহে ইংগিত দিয়ে যে ‘অপাৰেচন সিন্দুৰ’ত হতাহতি হোৱা লোকৰ ভিতৰত ভাৰতীয় স্থল বাহিনী আৰু বায়ুসেনাৰ জোৱানো আছে।











