
ভাৰতে (India) বাংলাদেশী নাগৰিক (Bangladeshi citizen)ৰ বাবে পুনৰ পৰ্যটন ভিছা আৰম্ভ (Tourist visa starts) কৰাৰ কথা ঘোষণা কৰিছে। বৃহস্পতিবাৰে ঢাকাৰ ইণ্ডিয়ান ভিছা চেণ্টাৰত এক সংবাদমেলযোগে বাংলাদেশত ভাৰতৰ নৱনিযুক্ত ৰাষ্ট্ৰদূত দীনেশ ত্ৰিবেদীয়ে এই সিদ্ধান্ত ঘোষণা কৰে। তেওঁ কয় যে অহা দেওবাৰৰ পৰা (২৮ জুন) বাংলাদেশীৰ বাবে পৰ্যটন ভিছা প্ৰদানৰ প্ৰক্ৰিয়া পুনৰ আৰম্ভ হ’ব। তেওঁ কয় যে এই পদক্ষেপ দুয়োখন দেশৰ সম্পৰ্ক স্বাভাৱিক কৰাৰ প্ৰয়াস।
২০২৪ চনৰ ৫ আগষ্টত শ্বেখ হাছিনাৰ নেতৃত্বত আৱামি লীগ চৰকাৰৰ পতনৰ পিছত ভাৰতে বাংলাদেশীক পৰ্যটন ভিছা প্ৰদান কৰা বন্ধ কৰি দিছিল।
অৱশ্যে কিছুমান বিশেষ ক্ষেত্ৰত মেডিকেল ভিছা আৰু ট্ৰেড ভিছা প্ৰদান কৰা হৈছিল। এইবাৰ নতুন দিল্লীয়ে পৰ্যটকৰ ভিছা প্ৰদানৰ ক্ষেত্ৰত থকা বাধাও প্ৰত্যাহাৰ কৰিছে। ফলত বাংলাদেশী নাগৰিকে বৈধ ভিছা লৈ পুনৰ ভাৰত ভ্ৰমণ কৰিব পাৰিব।

বৃহস্পতিবাৰে দিনৰ ১২ বজাত বাংলাদেশৰ ৰাষ্ট্ৰপতি মহম্মদ চাহাবুদ্দিনক সৌজন্যতামূলক সাক্ষাৎ কৰে দীনেশ ত্ৰিবেদীয়ে। পৰম্পৰা অনুসৰি তেওঁৰ পৰিচয়-পত্ৰ উপহাৰ দি আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰদূত হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে। তেওঁ কয় যে ঢাকা, ৰাজশাহী, চট্টগ্ৰাম আৰু খুলনাৰ ভিছা কেন্দ্ৰৰ পৰা পৰ্যটন ভিছা প্ৰদানৰ কাম আৰম্ভ হ’ব। তেওঁ লগতে কয় যে বেনাপোল সীমান্তৰে বাংলাদেশলৈ যোৱাৰ সময়ত ভিছাৰ প্ৰশ্ন উত্থাপন হৈছিল। ভিছাৰ দৰে বিষয়ত জৰুৰী সিদ্ধান্ত লোৱা হৈছে বুলিও তেওঁ কয়।
যোৱা এপ্ৰিল মাহত কেন্দ্ৰই দীনেশ ত্ৰিবেদীক বাংলাদেশত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিয়ে। বাংলাদেশৰ ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি পোৱা প্ৰথমজন ৰাজনৈতিক ব্যক্তি হৈছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী দীনেশ ত্ৰিবেদী। দীৰ্ঘদিনীয়া ৰাজনৈতিক জীৱনত কংগ্ৰেছ, জনতা দল, তৃণমূল, বিজেপি আদি দলৰ পৰা ৰাজনীতিত জড়িত হৈ আছে। এই মাহত বাংলাদেশত থকা ভাৰতৰ ৰাষ্ট্ৰদূতগৰাকীয়ে পত্নী মিনাল ত্ৰিবেদীৰ সৈতে ঢাকাৰ মাটিত ভৰি দিয়াৰ পিছত কয়, “ইয়াত উপস্থিত হৈ বৰ ভাল লাগিছে। ভাৰত আৰু বাংলাদেশ দুখন উন্নত গণতান্ত্ৰিক দেশ। এই দুয়োখন গণতন্ত্ৰই যদি একেলগে কাম কৰে তেন্তে ই সমগ্ৰ বিশ্বৰ বাবে এক আদৰ্শ হৈ পৰিব।”
ইয়াৰ পূৰ্বে প্ৰণয় বৰ্মা বাংলাদেশত ভাৰতৰ ৰাষ্ট্ৰদূত আছিল। তেওঁৰ ঠাই এতিয়া দীনেশ ত্ৰিবেদীয়ে লৈছে।













