
কাৰ্বি আংলং জিলাৰ বকলীয়াঘাটত যোৱা ২৪ জুন, বুধবাৰে নিশা এটা দুষ্প্ৰাপ্য প্ৰজাতিৰ লাজুকী বান্দৰ উদ্ধাৰ কৰা হয়। প্ৰাপ্ত তথ্য অনুসৰি, বকলীয়াঘাট থানাৰ সমীপৰ জে এছ একাডেমীৰ ওচৰত পথৰ দাঁতিত আঘাতপ্ৰাপ্ত অৱস্থাত এটা লাজুকী বান্দৰ পৰি থকা স্থানীয় লোকে প্ৰত্যক্ষ কৰে।

পিছত বকলীয়াঘাটৰ পৰিৱেশকৰ্মী চান্দনী সাহাই আঘাতপ্ৰাপ্ত লাজুকী বান্দৰটো উদ্ধাৰ কৰে৷ পৰিৱেশকৰ্মী সাহাই আৰক্ষীৰ সহায়ত লাজুকী বান্দৰটো বন বিভাগক চমজাই দিয়ে। বন বিভাগে আঘাতপ্ৰাপ্ত লাজুকী বান্দৰটোক চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি কৰাৰ ব্যৱস্থা কৰে। পৰিৱেশকৰ্মী সাহাৰ লগতে আৰক্ষী আৰু বন বিভাগৰ এই কাৰ্যক ৰাইজে ভূয়সী প্ৰশংসা কৰিছে৷
উল্লেখযোগ্য ই অতি লেহেমীয়া আৰু শান্ত স্বভাৱৰ নিশাচৰ প্ৰাণী।পৃথিৱীৰ মুষ্টিমেয় বিষাক্ত স্তন্যপায়ী প্ৰাণীৰ ভিতৰত লাজুকী বান্দৰ অন্যতম৷ ইয়াৰ বাহুত থকা গ্ৰন্থি (gland)ৰ পৰা বিষাক্ত পদাৰ্থ নিঃসৰণ হয় ,যিটো সিহঁতে দাঁতেৰে কামুৰি শত্ৰুৰ গালৈ প্ৰয়োগ কৰে।এই দুষ্প্ৰাপ্য প্ৰাণীবিধ অসমকে ধৰি উত্তৰ-পূব ভাৰতৰ অৰণ্য আৰু চাহ বাগিচাসমূহত দেখিবলৈ পোৱা যায়৷













