
নীটৰ প্ৰশ্নকাকত ফাদিল (NEET Paper Leak) আৰু উৰাবাতৰি ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে কিয় টেলিগ্ৰাম এপ নিষিদ্ধ (Telegram app banned) কৰিছে সেই কথা দিল্লী উচ্চ ন্যায়ালয়ক অৱগত (Informed the Delhi High Court) কৰিছে। এই নিষেধাজ্ঞাৰ সপক্ষে আদালতত একাধিক যুক্তি দাঙি ধৰিছে। টেলিগ্ৰামক নতুন ‘ডাৰ্ক ৱেব’ (Dark Web) বুলি অভিহিত কৰা হৈছে। এই এপটো ব্যৱহাৰ কৰি বিভিন্ন কু-কৰ্ম আৰু অপৰাধ সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। এপটোৰ নিৰ্দিষ্ট বৈশিষ্ট্যৰ বাবে ইয়াত দোষীক চিনাক্ত কৰাটোও কঠিন হৈ পৰিছে। ভাৰতত মেডিকেল এণ্ট্ৰেন্স পৰীক্ষা বা নীটৰ প্ৰশ্নকাকত ফাদিল ৰোধৰ বাবে টেলিগ্ৰামৰ ওপৰত নিষেধাজ্ঞা অব্যাহত ৰাখিছে।
যোৱা ৩ মে’ত অনুষ্ঠিত নীটৰ প্ৰশ্নকাকত কেন্দ্ৰই ১২ তাৰিখে ফাদিল হোৱা বুলি ঘোষণা কৰে। সেয়ে পৰীক্ষা বাতিলৰ কথা ঘোষণা কৰে চৰকাৰে। ২১ জুনত অনুষ্ঠিত হ’ব নতুন পৰীক্ষা। এই পৰীক্ষাৰ প্ৰশ্নও যাতে ফাদিল নহয় তাৰ বাবে টেলিগ্ৰাম এপত অস্থায়ী নিষেধাজ্ঞা আৰোপ কৰা হৈছে। কেন্দ্ৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে টেলিগ্ৰাম কৰ্তৃপক্ষই আদালতৰ কাষ চাপিছিল। চৰকাৰৰ এই সিদ্ধান্তক আদালতক প্ৰত্যাহ্বান জনায়। দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ তেজছ কৰিয়াৰ অংশকালীন বিচাৰপীঠে শুনানি গ্ৰহণ কৰি আছে। এই বিষয়ত কেন্দ্ৰৰ বক্তব্য জানিব বিচাৰিছিল আদালতে।

বৃহস্পতিবাৰে অনুষ্ঠিত শুনানিত কেন্দ্ৰক প্ৰতিনিধিত্ব কৰি ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে সম্প্ৰতি টেলিগ্ৰাম সন্ত্ৰাসবাদ, চাইবাৰ অপৰাধ, ড্ৰাগছ সৰবৰাহ, শিশু নিৰ্যাতন আৰু আৰ্থিক জালিয়াতিৰ বিভিন্ন গোচৰত ব্যাপকভাৱে ব্যৱহাৰ কৰা হৈছে। এই এপটোত কিছুমান বিশেষ বৈশিষ্ট্য আছে, যাৰ জৰিয়তে বৃহৎ পৰিমাণৰ তথ্য বিয়পাই দিয়াটো সম্ভৱ। কেন্দ্ৰৰ অধিবক্তাই কয়, “এটা টেলিগ্ৰাম একাউণ্টৰ জৰিয়তে সৰ্বাধিক ৪০টা বট সৃষ্টি কৰিব পাৰি। বটৰ সংখ্যা আৰু বৃদ্ধি কৰিব পাৰি। প্ৰতিবেদন অনুসৰি, টেলিগ্ৰামত এক ধৰণৰ বটৰ আন্তঃগাঁথনি আছে যাৰ জৰিয়তে বহু তথ্য বিয়পাই দিব পাৰি। এই বৈশিষ্ট্য অনন্য। ইয়াৰ দ্বাৰা ন্যূনতম তদাৰকীৰে জটিল আৰু উন্নত নেটৱৰ্ক গঢ়ি তোলাৰ সুবিধা হয়।” অপৰাধী চিনাক্তকৰণৰ ক্ষেত্ৰত টেলিগ্ৰামৰ সমস্যাৰ বিষয়ে কোৱাৰ সময়ত কেন্দ্ৰৰ অধিবক্তাই লগতে কয়, “এই প্লেটফৰ্ম ক্লাউডত চলি থাকে। বন্ধ কৰি দিলেও অপৰাধীৰ লগত যোগাযোগ কৰিব নোৱাৰি।”
টেলিগ্ৰাম ব্যৱহাৰ কৰি অপৰাধীয়ে আইন প্ৰয়োগকাৰী সংস্থাক সহজেই ফাঁকি দিয়ে বুলি কেন্দ্ৰই দাবী কৰে। অভিযোগ কৰা হৈছে যে একাংশ সন্ত্ৰাসবাদী সংগঠনেও এই এপটো ব্যৱহাৰ কৰি আছে। কেন্দ্ৰৰ বক্তব্য শুনানিৰ পিছত এই গোচৰৰ ৰায়দান স্থগিত ৰাখিছে দিল্লী উচ্চ ন্যায়ালয়ে।










