
পুনৰ ওড়িশা, তাতে আকৌ ময়ূৰভঞ্জ জিলা। শেহতীয়াকৈ নাৰী নিৰ্যাতনৰ (Odisha Rape) শীৰ্ষত থকা এই জিলাখনত এইবাৰ এগৰাকী কিশোৰীক পথৰ পৰা তুলি নি ধৰ্ষণৰ চেষ্টা। কিন্তু কিশোৰীগৰাকী কেনেবাকৈ পলাই যাবলৈ সক্ষম হয় আৰু ঘৰলৈ আহি এইকথা ব্যক্ত কৰে।

ইয়াৰ পিছতে কিশোৰীগৰাকীৰ পৰিয়ালে অপহৰণ আৰু ধৰ্ষণৰ চেষ্টাৰ অভিযোগ আৰক্ষীৰ ওচৰত দাখিল কৰে। কিশোৰীগৰাকীৰ বক্তব্যও আৰক্ষীয়ে লিপিবদ্ধ কৰে।
অভিযোগ লাভ কৰাৰ পিছতে আৰক্ষীয়ে এটা দল গঠন কৰি অভিযুক্তক গ্ৰেপ্তাৰ কৰে। শুকুৰবাৰে গ্ৰেপ্তাৰ কৰা হয় মূল অভিযুক্ত। বাকী তিনিজন লোকৰ সন্ধানত অভিযান অব্যাহত আছে।
আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, ৪ আগষ্টত সংঘটিত হয় এই ঘটনা। দুদিন পূৰ্বে এই সন্দৰ্ভত এজাহাৰ দাখিল কৰা হৈছিল। আৰক্ষীৰ মতে, মূল অভিযুক্ত কিশোৰীগৰাকীৰ পৰিচিত আছিল। ৪ আগষ্টত কিশোৰীগৰাকী টিউচন কৰিবলৈ গৈ আছিল। সেই সময়তে তেওঁৰ চিনাকি যুৱকজনে কিশোৰীগৰাকীৰ বাট আগচি ধৰি তেওঁক খোজকাঢ়ি লৈ যোৱাৰ প্ৰস্তাৱ দিয়ে।
অভিযোগ অনুসৰি, কিশোৰীগৰাকীয়ে সন্মতি নিদিয়াত বলপূৰ্বকভাৱে ওচৰৰ পাহাৰীয়া হাবিলৈ লৈ যায়। ইতিমধ্যে যুৱকজনৰ তিনিজন বন্ধু তাতেই আছিল। সকলোৱে একেলগে কিশোৰীগৰাকীক ধৰ্ষণ কৰিবলৈ চেষ্টা কৰে। কিশোৰীগৰাকীয়ে আৰক্ষীক জনোৱা মতে, তেওঁ কেনেবাকৈ অভিযুক্তৰ হাতৰ পৰা পলায়ন কৰে। ঘৰলৈ আহি পিতৃ-মাতৃক এই বিষয়ে অৱগত কৰে।
উল্লেখ্য যে যোৱা জুন মাহৰ পৰা ৰাজ্যখনৰ গঞ্জাম, ময়ূৰভঞ্জ আৰু কেওনঝাৰ জিলাত কেইবাটাও ধৰ্ষণ আৰু দলবদ্ধ ধৰ্ষণ সংঘটিত হৈছে। বাৰে বাৰে সংঘটিত হোৱা একেধৰণৰ ঘটনাত মহিলাৰ সুৰক্ষাক লৈ ৰাজ্য চৰকাৰ বাৰে বাৰে প্ৰশ্নৰ সন্মুখীন হৈ আহিছে। এই ঘটনায়ো পুনৰ আলোড়নৰ সৃষ্টি কৰিছে ময়ূৰভঞ্জ জিলাত।











