![]()
কাৰ্বি আংলং জিলাত আজিৰে পৰা ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ অধীনত ‘বিকশিত কৃষি সংকল্প অভিযান’ আৰম্ভ কৰা হয়৷ ডিফুৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ উদ্যোগত আয়োজিত এক অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কৃষি বিভাগৰ কাৰ্যবাহী সদস্য তথা ডিফু সংসদীয় সমষ্টিৰ সাংসদ অমৰছিং তিচ’ৱে ‘বিকশিত কৃষি সংকল্প অভিযানটি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে৷

উল্লেখযোগ্য যে কৃষকসকলৰ সৈতে পোনপটীয়াভাৱে যোগাযোগ কৰি চৰকাৰী আঁচনিৰ সম্পৰ্কে অৱগত কৰাৰ উপৰিও তেওঁলোকৰ মতামত আৰু উদ্ভাৱন তথ্য সংগ্ৰহৰ উদ্দেশ্যে এই অভিযান আৰম্ভ কৰা হয়৷অনুষ্ঠানত বিধায়ক দৰছিং ৰংহাং আৰু বিভিন্ন চৰকাৰী বিভাগৰ বিষয়াৰ লগতে ভালেসংখ্যক কৃষক উপস্থিত থাকে৷













