ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

Amit Shah on Manipur : ৮ মাৰ্চৰ পৰা মণিপুৰৰ সকলো ৰাজপথত যাতায়াত স্বাভাৱিক কৰাৰ নিৰ্দেশ গৃহমন্ত্ৰীৰ

নিউজ ডেস্কঃ

News Desk by News Desk
March 1, 2025
Reading Time: 1 min read
A A
0
Amit Shah on Manipur : ৮ মাৰ্চৰ পৰা মণিপুৰৰ সকলো ৰাজপথত যাতায়াত স্বাভাৱিক কৰাৰ নিৰ্দেশ গৃহমন্ত্ৰীৰ

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

Manipur violence : মণিপুৰৰ কুকি গাঁৱত আক্ৰমণত দম্পতীকে ধৰি তিনিজন নিহত

Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন

‎দিল্লীত কেচিপিৰ মুখ্য কমাণ্ডাৰক গ্ৰেপ্তাৰ I মণিপুৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ

৮ মাৰ্চৰ পৰা মণিপুৰ (Manipur)ৰ ৰাজপথত সাধাৰণ ৰাইজে মুক্তভাৱে চলাচল কৰিব পাৰিব লাগিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী (Home Minister) অমিত শ্বাহে (Amit Shah) শনিবাৰে মণিপুৰত নিৰাপত্তা আৰু আইন-শৃংখলা (Security and law and order) পৰিস্থিতিৰ ওপৰত এখন পৰ্যালোচনা বৈঠকৰ অন্তত এই নিৰ্দেশ দিয়ে। লগতে তেওঁ কোনো লোকে পথ অৱৰোধ কৰিবলৈ চেষ্টা কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে।

উত্তৰ-পূবৰ ৰাজ্যখনত ৰাষ্ট্ৰপতিৰ শাসন জাপি দিয়াৰ পিছত প্ৰথমখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে অমিত শ্বাহে। বৈঠকত লুণ্ঠন কৰা চৰকাৰী অস্ত্ৰ আৰু অবৈধ অস্ত্ৰ উদ্ধাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। উল্লেখযোগ্য যে মণিপুৰত ডেৰ বছৰতকৈও অধিক সময় ধৰি চলি থকা হিংসাত্মক ঘটনাত ২৫০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে। এনে পৰিস্থিতিত মণিপুৰত শান্তি ঘূৰাই অনাৰ বাবে কি কৰিব লাগে সেই সন্দৰ্ভত গৃহ মন্ত্ৰালয়ে এখন বৈঠক অনুষ্ঠিত কৰে। এই বৈঠকত মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাৰ লগতে চৰকাৰী বিষয়াসকল উপস্থিত থাকে। বৈঠকত সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ মুৰব্বীসকলো উপস্থিত থাকে।

manipur 1 | ASSAM TIMES POST
৮ মাৰ্চৰ পৰা মণিপুৰৰ সকলো ৰাজপথত যাতায়াত স্বাভাৱিক কৰাৰ নিৰ্দেশ গৃহমন্ত্ৰীৰ

চৰকাৰী সূত্ৰৰ উদ্ধৃতি দি সংবাদ সংস্থা পিটিআয়ে প্ৰকাশ কৰিছে যে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে মণিপুৰৰ নিৰাপত্তাৰ ব্যৱস্থা সন্দৰ্ভত বিতং তথ্য লয়। আইন-শৃংখলা পৰিস্থিতিৰ বিষয়ে বৈঠকত বিতংভাৱে অৱগত কৰা হয়। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যখনত কেনেদৰে স্বাভাৱিক অৱস্থা ঘূৰাই আনিব পাৰি সেই বিষয়েও বৈঠকত আলোচনা কৰা হয়।

মণিপুৰৰ হিংসাত্মক পৰিৱেশত ৰাজ্যখনৰ বিভিন্ন বাহিনীৰ বিভিন্ন গুদাম আৰু অস্ত্ৰভাণ্ডাৰৰ পৰা চৰকাৰী অস্ত্ৰ-শস্ত্ৰ লুট কৰাৰ অভিযোগ উত্থাপন হৈছে দুষ্কৃতিকাৰীৰ বিৰুদ্ধে। অশান্তিগ্ৰস্ত মণিপুৰত ১৩ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতিৰ শাসন জাপি দিয়া হয়। ৰাষ্ট্ৰপতিৰ শাসনত মণিপুৰৰ দায়িত্ব চম্ভালি আছে ৰাজ্যপাল ভাল্লাই। ২০ ফেব্ৰুৱাৰীত তেওঁ কয় যে লুণ্ঠন কৰা অস্ত্ৰ-শস্ত্ৰ ৭ দিনৰ ভিতৰত ঘূৰাই দিব লাগে। অন্যথা প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। এই সময়ছোৱাত অস্ত্ৰ-শস্ত্ৰ থানাত জমা দিয়াসকলৰ বিৰুদ্ধে কোনো ধৰণৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা নহ’ব। অৱশ্যে সাত দিন পাৰ হোৱাৰ পাছত অবৈধ অস্ত্ৰ ৰখাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব। সংবাদ সংস্থা পিটিআয়ে প্ৰকাশ কৰা অনুসৰি, এই ৭ দিনত ৩০০ৰো অধিক অস্ত্ৰ-শস্ত্ৰ সমৰ্পণ কৰা হৈছে। ইয়াৰে ২৪৬টা আগ্নেয়াস্ত্ৰ দাখিল কৰিছে মেইটেই বিদ্ৰোহী সংগঠন আৰম্বাই টেংগলে।

অৱশ্যে এতিয়ালৈকে সকলো অস্ত্ৰ-শস্ত্ৰ জমা হোৱা নাই বুলি অনুমান কৰা হৈছে। এনে পৰিস্থিতিত ৰাজ্যপাল ভাল্লাই অস্ত্ৰ সমৰ্পণৰ সময়সীমা আৰু এসপ্তাহ বৃদ্ধি কৰে। শুকুৰবাৰে সন্ধিয়া তেওঁ ঘোষণা কৰে যে ৬ মাৰ্চৰ সন্ধিয়া ৪ বজালৈকে অস্ত্ৰ সমৰ্পণ কৰিব পাৰিব। শনিবাৰে অনুষ্ঠিত পৰ্যালোচনা বৈঠকত অমিত শ্বাহে লুণ্ঠন কৰা চৰকাৰী অস্ত্ৰ আৰু অন্যান্য অবৈধ অস্ত্ৰ সমৰ্পণৰ বিষয়টোও আলোচনা কৰে।

Tags: AmitShahonManipurঅমিতশ্বাহমণিপুৰ
Share4Tweet3Send

Related Posts

Manipur violence : মণিপুৰৰ কুকি গাঁৱত আক্ৰমণত দম্পতীকে ধৰি তিনিজন নিহত
NORTHEAST

Manipur violence : মণিপুৰৰ কুকি গাঁৱত আক্ৰমণত দম্পতীকে ধৰি তিনিজন নিহত

by News Desk
June 5, 2026
50
Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন
NORTHEAST

Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন

by Staff Reporter
June 4, 2026
50
Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two
NORTHEAST

‎দিল্লীত কেচিপিৰ মুখ্য কমাণ্ডাৰক গ্ৰেপ্তাৰ I মণিপুৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ

by Staff Reporter
May 28, 2026
50
Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন
NORTHEAST

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন

by News Desk
May 23, 2026
50
Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ
NORTHEAST

Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ

by News Desk
May 21, 2026
50
Viral video : ঘৰৰ মজিয়াত কোটি কোটি টকাৰ পাহাৰ, ত্ৰিপুৰাত ভাইৰেল ভিডিঅ’ক লৈ চাঞ্চল্য
NORTHEAST

Viral video : ঘৰৰ মজিয়াত কোটি কোটি টকাৰ পাহাৰ, ত্ৰিপুৰাত ভাইৰেল ভিডিঅ’ক লৈ চাঞ্চল্য

by News Desk
May 19, 2026
50
ADVERTISEMENT
Tree Plantation, Art Exhibition and Science Exhibition-cum-Competition Held at Dhansiri Valley Public School on World Environment Day
DIPHU

Tree Plantation, Art Exhibition and Science Exhibition-cum-Competition Held at Dhansiri Valley Public School on World Environment Day

June 6, 2026
50
Natural gas reserves : ‎ইন্ধন সংকটৰ মাজত আন্দামানত প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ : ‘সমুদ্র মন্থন’ত বৃহৎ সাফল্য
National-International

Natural gas reserves : ‎ইন্ধন সংকটৰ মাজত আন্দামানত প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ : ‘সমুদ্র মন্থন’ত বৃহৎ সাফল্য

June 6, 2026
50
Delhi CJP rally : ভয় নকৰিবা পইতাচোৰা, যুঁজ চলি থাকিব : যন্তৰ-মন্তৰত সমৰ্থকলৈ বাৰ্তা ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক দীপকেৰ
National-International

Delhi CJP rally : ভয় নকৰিবা পইতাচোৰা, যুঁজ চলি থাকিব : যন্তৰ-মন্তৰত সমৰ্থকলৈ বাৰ্তা ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক দীপকেৰ

June 6, 2026
50
PoK election controversy : পাক অধিকৃত কাশ্মীৰত ইছলামাবাদৰ নিৰ্বাচন আয়োজন, ৰাষ্ট্ৰসংঘত ভাৰতৰ তীব্ৰ প্ৰতিক্ৰিয়া
National-International

PoK election controversy : পাক অধিকৃত কাশ্মীৰত ইছলামাবাদৰ নিৰ্বাচন আয়োজন, ৰাষ্ট্ৰসংঘত ভাৰতৰ তীব্ৰ প্ৰতিক্ৰিয়া

June 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Tree Plantation, Art Exhibition and Science Exhibition-cum-Competition Held at Dhansiri Valley Public School on World Environment Day

Tree Plantation, Art Exhibition and Science Exhibition-cum-Competition Held at Dhansiri Valley Public School on World Environment Day

June 6, 2026
Natural gas reserves : ‎ইন্ধন সংকটৰ মাজত আন্দামানত প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ : ‘সমুদ্র মন্থন’ত বৃহৎ সাফল্য

Natural gas reserves : ‎ইন্ধন সংকটৰ মাজত আন্দামানত প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ : ‘সমুদ্র মন্থন’ত বৃহৎ সাফল্য

June 6, 2026
Delhi CJP rally : ভয় নকৰিবা পইতাচোৰা, যুঁজ চলি থাকিব : যন্তৰ-মন্তৰত সমৰ্থকলৈ বাৰ্তা ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক দীপকেৰ

Delhi CJP rally : ভয় নকৰিবা পইতাচোৰা, যুঁজ চলি থাকিব : যন্তৰ-মন্তৰত সমৰ্থকলৈ বাৰ্তা ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক দীপকেৰ

June 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx