
শুকুৰবাৰে নিচাযুক্ত দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰোৰ (এনচিবি) অভিযানত দিল্লীৰ পৰা ৮২ কেজিতকৈ অধিক ড্ৰাগছ (Delhi Drugs) জব্দ কৰা হয়। আন্তঃৰাষ্ট্ৰীয় বজাৰত ইয়াৰ আনুমানিক মূল্য প্ৰায় ৯০০ কোটি টকা। শুকুৰবাৰে এনচিবিৰ বিষয়াই পশ্চিম দিল্লীৰ নংলাই আৰু জনকপুৰী অঞ্চলত অভিযান চলায়।

উক্ত অভিযানত দুজন লোকক গ্ৰেপ্তাৰ কৰা হয়। সূত্ৰৰ পৰা জানিব পৰা মতে, কুৰিয়াৰ অফিচৰ পৰা জব্দ কৰা হৈছে ড্ৰাগছখিনি। অষ্ট্ৰেলিয়ালৈ প্ৰেৰণ কৰাৰ পৰিকল্পনা কৰা হৈছিল। তাৰ পৰাই বিষয়াসকলে অনুমান কৰিছে যে এই ড্ৰাগছ ব্যৱসায়ীসকলৰ সৈতে কোনো আন্তঃৰাষ্ট্ৰীয় চক্ৰ জড়িত থাকিব পাৰে।
শেহতীয়াকৈ দিল্লীৰ বিভিন্ন প্ৰান্তৰ পৰা ড্ৰাগছ সৰবৰাহৰ অভিযোগত কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰা হৈছে। যোৱা মাহতো দিল্লীত উদ্ধাৰ হৈছিল ২০০০ কোটি টকাৰ ড্ৰাগছ। অক্টোবৰ মাহত দিল্লী আৰক্ষীৰ অভিযানত উদ্ধাৰ হৈছিল ৫০০ কিলোগ্ৰামতকৈ অধিক ড্ৰাগছ। ড্ৰাগছ সৰবৰাহৰ সন্দেহত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
ইয়াৰ পূৰ্বে ছেপ্টেম্বৰ মাহতো দিল্লী বিমানবন্দৰৰ পৰা ড্ৰাগছ উদ্ধাৰ কৰা হৈছিল। দিল্লীৰ তিলকনগৰৰ পৰা পৃথক ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ কৰা হয় দুজন আফগান নাগৰিক। ইয়াৰ পিছতে দিল্লীৰ পৰা পুনৰ জব্দ হয় প্ৰায় ৯০০ কোটি টকাৰ ড্ৰাগছ।












