
জম্মু-কাশ্মীৰত বিধানসভা নিৰ্বাচন (JK Election) শীঘ্ৰে অনুষ্ঠিত হ’ব। তাত বাস কৰা জনসাধাৰণে নিজৰ সমস্যা শীঘ্ৰে সমাধান কৰিব পাৰিব। তেওঁলোকৰ নিজা মন্ত্ৰীসভা থাকিব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই বিষয়ে অৱগত কৰে। বিগত ১০ বছৰত বিজেপিৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে যি অগ্ৰগতি লাভ কৰিছে সেয়া কেৱল ট্ৰেইলাৰহে বুলিও উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। লোকসভা নিৰ্বাচনৰ অন্তত জম্মু-কাশ্মীৰৰ বাসিন্দাসকলে বিধানসভা নিৰ্বাচনত ভোট দিব পাৰিব বুলিও তেওঁ উল্লেখ কৰে।
উল্লেখযোগ্য যে কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে লোকসভা নিৰ্বাচনত উধামপুৰৰ পৰা বিজেপিৰ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈছে। তেওঁৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “আপোনালোকে বেয়া দিন দেখিছে। এইবাৰ ভাল দিন দেখিব। মোডীৰ উন্নয়নৰ দৃষ্টিভংগী বহু বিশাল।”









