ASSAM TIMES POST
নিউজ ডেক্সঃ চলিত বছৰতে অনুষ্ঠিত হ’ব দিল্লী বিধানসভাৰ নিৰ্বাচন৷ ক্ষমতাত থাকিবলৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ নেতৃত্বতাধীন আম আদমী পাৰ্টিয়ে তীব্ৰ প্ৰচাৰ আৰম্ভ কৰিছে৷ দিল্লী বিধানসভা পুনৰ দখলৰ বাবে তীব্ৰ প্ৰচাৰ চলাইছে বিজেপিয়েও৷ দেওবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে জনালে, এইবাৰ আম আদমী পাৰ্টিৰ নিৰ্বাচনী ইস্তাহাৰত প্ৰধান বিষয় হ’ব দিল্লীৰ বাবে পূৰ্ণ ৰাজ্যৰ মৰ্যাদা দাবী কৰা৷
কেন্দ্ৰৰ ওচৰত দিল্লীবাসীৰ হৈ এই বিষয়টো জনাব কেজৰিৱালৰ দলে৷ উল্লেখ্য যে আগৰবাৰ ক্ষমতালৈ অহাৰ সময়ত কেন্দ্ৰৰ ওচৰত দিল্লীৰ বাবে পূৰ্ণ ৰাজ্যৰ দাবী তুলিছিল৷ তেতিয়া কেন্দ্ৰৰ সৈতে সংঘাত হৈছিল৷ এইবাৰ পুনৰ এয়াই মূল লক্ষ্য বুলি জনালে কেজৰিৱালে৷ উল্লেখ্য যে আজি দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে ১৫০টা স্বাস্থ্য কেন্দ্ৰ উদ্বোধন কৰে৷
এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীজনে উক্ত কথা প্ৰকাশ কৰে৷ এই অনুষ্ঠানত মুখ্যমন্ত্ৰীজনৰ লগত উপস্থিত আছিল দিল্লীৰ স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জৈন৷ স্মৰ্তৱ্য যে ২০১৫ চনৰ নিৰ্বাচনৰ সময়ত ১০০০ টা স্বাস্থ্য কেন্দ্ৰ মুকলি কৰাৰ প্ৰতিশ্ৰুতি দিছিল৷ কিন্তু এই পৰ্যন্ত খুলিছে ৩০০ টা স্বাস্থ্য কেন্দ্ৰ৷













