
বেংগালুৰুৰ ‘ৰামেশ্বৰম কেফে’ (Rameshwaram Cafe) ত সংঘটিত বিস্ফোৰণৰ সৈতে জড়িত এজন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰিছে ৰাষ্ট্ৰীয় তদন্ত সংস্থাই। জানিব পৰা মতে, ব্যক্তিজনৰ নাম শ্বাব্বিৰ। তেওঁ বল্লাৰীৰ কালবজাৰ অঞ্চলৰ বাসিন্দা। এনআইএৰ সূত্ৰ অনুসৰি, শ্বাব্বিৰৰ শেহতীয়া ভ্ৰমণৰ সময়সূচী জানি জেৰাৰ সিদ্ধান্ত লোৱা হৈছে।

১ মাৰ্চত বেংগালুৰুৰ ৰামেশ্বৰম কেফেত বিস্ফোৰণ ঘটিছিল। এই বিস্ফোৰণত ১০ জন লোক আহত হয়। আৰক্ষীয়ে জনোৱা মতে, বিস্ফোৰণৰ সূচনা কৰিবলৈ আইইডি ব্যৱহাৰ কৰা হৈছে। কিন্তু যিহেতু বিস্ফোৰক মাত্ৰা বৰ বেছি নাছিল, সেয়েহে ইয়াৰ প্ৰভাৱ ইমান প্ৰবল নাছিল। বিস্ফোৰণ কাণ্ডৰ তদন্তৰ দায়িত্ব লয় এনআইএয়ে।
বিস্ফোৰণৰ ঠিক আগতেই কেফেখনত স্থাপন কৰা চিচিটিভিত ধৰা পৰে এজন লোকে কেফেখনত সোমাই কান্ধৰ বেগটো থৈ দিয়া। সেই বেগটো বিস্ফোৰক বস্তুৰে ভৰি আছিল। প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে ইয়াক টাইমাৰৰ দ্বাৰা নিয়ন্ত্ৰিত কৰা হৈছিল। লোকজনে বেগটো এৰি যোৱাৰ ঠিক পিছতেই ৰামেশ্বৰম কেফেত সংঘটিত হয় এই বিস্ফোৰণ। তদন্তৰ দায়িত্ব লোৱাৰ পাছত অভিযুক্তক বিচাৰি পালে ১০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰে এনআইএয়ে।
যোৱা সপ্তাহত এনআইএ আৰু কেন্দ্ৰীয় অপৰাধ শাখাই এই ঘটনাৰ তদন্তৰ বাবে যৌথ অভিযান চলাই কালবজাৰৰ পৰা এজন কাপোৰৰ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে। একে স্থানৰ পৰাই পিএফআইৰ এজন সদস্যকো গ্ৰেপ্তাৰ কৰা হয়। ইয়াৰ পিছত বুধবাৰে শ্বাব্বিৰক গ্ৰেপ্তাৰ কৰে এনআইএয়ে। তদন্তকাৰীয়ে আশা কৰিছে যে বিস্ফোৰণৰ বিষয়ে অধিক তথ্য লাভ কৰিবলৈ শ্বাব্বিৰক জেৰা কৰা হ’ব।











