ASSAM TIMES POST
নিউজ ডেস্ক
পুনৰ ঝাৰখণ্ডৰ মচনদ দখলৰ সম্ভাৱনা নাই বিজেপিৰ৷ আপাততঃ এই আভাষেই পোৱা গৈছে বিভিন্ন সংস্থাৰ নিৰ্বাচনোত্তৰ সমীক্ষাত৷ প্ৰাক্তন মুখ্য মন্ত্ৰী শিবু ছোৰেণৰ পুত্ৰ হেমন্তৰ নেতৃত্বত ঝাৰখণ্ড মুক্তি মৰ্চা, কংগ্ৰেছ আৰু আৰজেডিৰ জোঁটে সকলোতকৈ বেছি আসন লাভ কৰি চৰকাৰ গঠনৰ প্ৰায় ওচৰ চাপিব পাৰে বুলি ইংগিত পোৱা গৈছে ইণ্ডিয়া টুডে-এক্সিছ আৰু কৌছছ নিউজৰ সমীক্ষাত৷ এনডিটিভি আৰু এবিপি-চি বোটাৰৰ সমীক্ষাত ত্ৰিশংকু বিধানসভাৰ পূৰ্বাভাষ দিয়া হ’লেও বিজেপিতকৈ কংগ্ৰেছ-জেএমএম জোঁটে অধিক আসন লাভ কৰি সুবিধাজনক অৱস্থাত থাকিব বুলি পূৰ্বাভাষ দিয়া হৈছে৷
উল্লেখ্য যে মুখ্য মন্ত্ৰী ৰঘুবৰ দাসৰ নেতৃত্বত বিজেপি চৰকাৰৰ বিৰুদ্ধে আদিবাসী তথা জনজাতি প্ৰধান ঝাৰখণ্ডত ক্ষোভৰ ইংগিত নিৰ্বাচনৰ পূৰ্বৰ সমীক্ষাসমূহতেই পোৱা গৈছিল৷ ৰঘুবৰ যে জনজাতীয় সম্প্ৰদায়ৰ নাছিল সেই বিষয়টোও বেজেপিৰ বিৰুদ্ধে গৈছে বুলিও পূৰ্বাভাষ পোৱা গৈছিল৷ বিগত বিধানসভা নিৰ্বাচনত বিজেপিয়ে ৩৭খন আসন লাভ কৰিলেও অল ঝাৰখণ্ড ষ্টুডেণ্টছ ইউনিয়ন (আজছু)ৰ সৈতে জোঁট গঠন কৰি চৰকাৰ গঠন কৰিছিল৷ কিন্তু এইবাৰ আজছুৱে এককভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাত বিৰোধীসকলৰ সুবিধা হৈছে৷ ২ৰ পৰা ৫খন আসন পালেও বিজেপিৰ কিছু ভোট তেওঁলোকে কটা বুলি সমীক্ষাত ইংগিত প্ৰদান কৰা হৈছে৷
এবিপি-চি ভোটাৰৰ সমীক্ষাত কংগ্ৰেছ-জেএমএম মিত্ৰজোঁটক ৩৫ আৰু বিজেপি মিত্ৰজোঁটে ৩২খন আসন পাব বুলি আভাষ দিলেও ত্ৰিশংকু বিধানসভাৰ কথা কোৱা হৈছে৷ আনহাতে, ইণ্ডিয়া টুডে-এক্সিছৰ সমীক্ষাত কংগ্ৰেছ-জেএমএম মিত্ৰজোঁটে ৩৮-৫০খন লাভ কৰিব বুলি ইংগিত দিয়া হৈছে৷ ২২-৩২খন আসন লাভ কৰি বিজেপিয়ে বিৰোধীৰ আসনত বহিব লাগিব পাৰে বুলিও ইংগিত দিয়া হৈছে৷ এনডিটিভিৰ সমীক্ষাত কংগ্ৰেছ মিত্ৰজোঁটক ৪০খন আৰু বিজেপিক ২৯খন আসন দিয়া হৈছে৷













