![]()
স্কুলৰ পৰা উভতি অহাৰ পথত সপ্তম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক ধৰ্ষণৰ (Rape) অভিযোগ। ঘটনাস্থল উত্তৰ প্ৰদেশ (Uttar Pradesh)। ৰাজ্যখনৰ আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, উত্তৰ প্ৰদেশৰ কৌশাম্বী জিলাৰ মঞ্জনপুৰ অঞ্চলত বৃহস্পতিবাৰে বিদ্যালয়ৰ পৰা উভতি অহাৰ পিছতে এগৰাকী ছাত্ৰীক ধৰ্ষণৰ অভিযোগ উত্থাপন কৰা হৈছে। আৰক্ষীয়ে জনোৱা মতে, ছোৱালীজনী স্কুলৰ পৰা উভতি আহি থকা অৱস্থাত এজন লোকে গন্তব্য স্থানলৈ পঠোৱাৰ অজুহাতত নিৰ্জন স্থানলৈ লৈ যায়।

অভিযোগ অনুসৰি, তালৈ লৈ যোৱাৰ পিছত তেওঁক ধৰ্ষণ কৰা হয়। ছাত্ৰীগৰাকী অচেতন হৈ পৰাত অভিযুক্তই উক্ত স্থানৰ পৰা পলায়ন কৰে। ইফালে জ্ঞান ঘূৰি অহাৰ পিছত ছাত্ৰীগৰাকী ঘৰলৈ উভতি আহে। স্বাস্থ্য পৰীক্ষাৰ পিছত ছাত্ৰীগৰাকীৰ শাৰীৰিক অৱস্থা সুস্থিৰ বুলি আৰক্ষী তথা চিকিৎসকে জানিবলৈ দিয়ে। ছাত্ৰীগৰাকীৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত এফআইআৰ দাখিল কৰা হৈছে।











