ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Rahul Gandhi I শাৰদ-কন্যা সুপ্ৰিয়ালৈ ৰাহুলৰ ফোন, এনচিপিৰ নেতৃত্ব সলনিৰ সম্ভাৱনাক লৈ জল্পনা-কল্পনা

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
May 4, 2023
Reading Time: 1 min read
A A
0
Rahul Gandhi I শাৰদ-কন্যা সুপ্ৰিয়ালৈ ৰাহুলৰ ফোন, এনচিপিৰ নেতৃত্ব সলনিৰ সম্ভাৱনাক লৈ জল্পনা-কল্পনা

logo new 2 1 1 4 1 3 1 | ASSAM TIMES POST

RELATED POSTS

Congress Nationwide campaign : দেশজুৰি বৃহৎ অভিযান কংগ্ৰেছৰ : ১৭ জুনত হ’ব আৰম্ভ

Free education : স্নাতকোত্তৰ পর্যন্ত বিনামূল্যে শিক্ষা : উৰিষ্যা চৰকাৰৰ বৃহৎ ঘোষণা

‎Arcelor-Mittal : ইস্পাত লৈ ফ্ৰান্সৰ ৰাজনীতি গৰম : বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ষ্টীল নিৰ্মাতা আৰ্চেলৰ-মিট্টালক ৰাষ্ট্ৰীয়কৰণৰ দাবী

এনচিপিৰ ভিতৰত উত্তেজনাৰ মাজতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে (Rahul Gandhi) শাৰদ পাৱাৰৰ কন্যা সুপ্ৰিয়া চুলেক (Supriya Sule) ফোন কৰে। সূত্ৰ অনুসৰি, এনচিপিৰ পৰৱৰ্তী সভাপতি নিৰ্বাচন আৰু ৰাষ্ট্ৰীয় ৰাজনৈতিক পৰিস্থিতিৰ বিষয়ে তেওঁলোকৰ মাজত আলোচনা হয়।

Rahul Gandhi & Supriya Sule
Rahul Gandhi dials Supriya Sule:

কংগ্ৰেছৰ এক সূত্ৰই জনোৱা মতে, শাৰদ পাৱাৰৰ পিছত ৰাহুল-মল্লিকাৰ্জুন খৰ্গেয়ে সুপ্ৰিয়াক এনচিপিৰ শীৰ্ষ পদত থকাটো বিচাৰে। কাৰণ বাৰামটিৰ সাংসদ সুপ্ৰিয়াক ‘বিজেপি বিৰোধী’ বুলি জনা যায়। আনহাতে, শাৰদ পাৱাৰৰ ভতিজাক তথা মহাৰাষ্ট্ৰ বিধানসভাৰ বিৰোধী দলপতি অজিত পাৱাৰ বিগত কেইবছৰমানৰ পৰা ‘বিজেপিৰ ঘনিষ্ঠ’ বুলি পৰিচিত।মঙলবাৰে বিয়লি মুম্বাইত তেওঁৰ আত্মজীৱনী উন্মোচনী অনুষ্ঠানত শাৰদ পাৱাৰে দলীয় নেতৃত্বৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰে।

তেতিয়াৰ পৰাই এনচিপিৰ সভাপতিৰ মুম্বাইৰ ঘৰ ‘চিলভাৰ ওক’ৰ সন্মুখত সমৰ্থকৰ ভিৰ আৰম্ভ হৈছে। দলৰ বিভিন্ন স্তৰৰ নেতাৰ আন্দোলন আৰম্ভ হৈছে। মঙলবাৰে শাৰদ পাৱাৰৰ ভতিজাক অজিত পাৱাৰে কয় যে দলৰ নেতাসকলৰ কাতৰ অনুৰোধ শুনি শাৰদ পাৱাৰে এই সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ দুই-তিনি দিনৰ সময় বিচাৰিছে।কিন্তু এনচিপিৰ কৰ্মী-সমৰ্থকৰ ‘আশংকা’ কমি যোৱা নাই। কাৰণ প্ৰবীণ মাৰাঠী নেতাগৰাকীয়ে ইতিমধ্যে তেওঁৰ উত্তৰাধিকাৰীক মনোনীত কৰিবলৈ ১৮ জনীয়া এখন সমিতি গঠন কৰিছে। মঙলবাৰে মুম্বাইৰ ৱাই বি চৱন চেণ্টাৰত এখন দীঘলীয়া বৈঠক অনুষ্ঠিত হয়।
শুকুৰবাৰে পুনৰ বৈঠকত মিলিত হোৱাৰ কথা। মহাৰাষ্ট্ৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তথা এনচিপিৰ জ্যেষ্ঠ নেতা ছগন ভুজবালে বুধবাৰে শাৰদ পাৱাৰৰ বাসগৃহত উপস্থিত হয়। আৰু তাৰ পৰাই তেওঁ দলীয় নেতৃত্বৰ ‘সম্ভাৱ্য পৰিৱৰ্তন’ৰ কথা কয়।ছগনে দাবী কৰিছে যে শাৰদ-কন্যা সুপ্ৰিয়া চুলেয়ে দলৰ পৰৱৰ্তী সৰ্বভাৰতীয় সভাপতিৰ দায়িত্ব লাভ কৰিব পাৰে। আৰু অজিতে পাব পাৰে মহাৰাষ্ট্ৰৰ দায়িত্ব। কিন্তু এনচিপিৰ নেতৃত্বৰ এটা অংশৰ মনত প্ৰশ্ন উত্থাপন হৈছে যে শাৰদ পাৱাৰে ৰাজ্যিক সংগঠনৰ দায়িত্ব মহাৰাষ্ট্ৰ বিধানসভাত বিৰোধী দলৰ নেতা অজিতৰ হাতত অৰ্পণ কৰিব নেকি? ইয়াৰ মূল কাৰণ হʼল বিজেপিৰ সৈতে তেওঁৰ ‘ঘনিষ্ঠতা’।

যোৱা ছেপ্টেম্বৰ মাহত এনচিপিৰ ৰাষ্ট্ৰীয় অধিবেশনত শাৰদ পাৱাৰ পুনৰ দলৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল। তাৎপৰ্যপূৰ্ণভাৱে অজিত পাৱাৰে সেইদিনা মাজভাগতে সভাখন এৰি থৈ গৈছিল। তেতিয়াৰ পৰাই দুয়োৰে সমীকৰণ সন্দৰ্ভত জল্পনা-কল্পনা চলি আহিছে। ২০১৯ৰ বিধানসভা নিৰ্বাচনৰ পাছতো এনচিপিৰ মুৰব্বী শাৰদ পাৱাৰৰ ভতিজাক অজিত হৈ পৰে ‘বিদ্ৰোহী’। বিজেপিৰ দেৱেন্দ্ৰ ফাড়নভিছে তেওঁৰ সমৰ্থনত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।

অজিত উপ-মুখ্যমন্ত্ৰী হয়। কিন্তু এনচিপিৰ পৰিষদীয় দলৰ বিভাজন ধৰিব নোৱাৰি দুয়োজনে পদত্যাগ কৰিবলগীয়া হয়। ইয়াৰ পিছত অজিতে পুনৰ শাৰদ পাৱাৰৰ শিবিৰত আশ্ৰয় লয়। শিৱসেনাৰ মুৰব্বী উদ্ধৱ থাকৰে নেতৃত্বাধীন মহাবিকাশ আঘাৰী মিত্ৰজোঁটৰ চৰকাৰত শাৰদ পাৱাৰে তেওঁক উপ-মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়ে। কিন্তু এইবাৰ দলটোক নেতৃত্ব দিব কোনে? সেই প্ৰশ্ন এতিয়া সকলোৰে মুখে মুখে।

Tags: Rahul gandhi
Share4Tweet3Send

Related Posts

Congress Nationwide campaign : দেশজুৰি বৃহৎ অভিযান কংগ্ৰেছৰ : ১৭ জুনত হ’ব আৰম্ভ
National-International

Congress Nationwide campaign : দেশজুৰি বৃহৎ অভিযান কংগ্ৰেছৰ : ১৭ জুনত হ’ব আৰম্ভ

by News Desk
June 13, 2026
50
Free education : স্নাতকোত্তৰ পর্যন্ত বিনামূল্যে শিক্ষা : উৰিষ্যা চৰকাৰৰ বৃহৎ ঘোষণা
National-International

Free education : স্নাতকোত্তৰ পর্যন্ত বিনামূল্যে শিক্ষা : উৰিষ্যা চৰকাৰৰ বৃহৎ ঘোষণা

by News Desk
June 13, 2026
50
‎Arcelor-Mittal : ইস্পাত লৈ ফ্ৰান্সৰ ৰাজনীতি গৰম : বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ষ্টীল নিৰ্মাতা আৰ্চেলৰ-মিট্টালক ৰাষ্ট্ৰীয়কৰণৰ দাবী
National-International

‎Arcelor-Mittal : ইস্পাত লৈ ফ্ৰান্সৰ ৰাজনীতি গৰম : বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ষ্টীল নিৰ্মাতা আৰ্চেলৰ-মিট্টালক ৰাষ্ট্ৰীয়কৰণৰ দাবী

by News Desk
June 13, 2026
50
Google : মহ মাৰিব গুগলে
National-International

Google : মহ মাৰিব গুগলে

by News Desk
June 13, 2026
50
Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন
National-International

Tragic accident I চকুৰ সন্মুখতে মাতৃৰ মৃত্যু, আত্মীয়ক মাতি আনি দেখুৱালে ৪ বছৰীয়া সন্তানে

by Staff Reporter
June 13, 2026
50
Ahmedabad flight crash I এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ এবছৰৰ পাছতো কিয় প্ৰকাশ পোৱা নাই চূড়ান্ত প্ৰতিবেদন
National-International

Ahmedabad flight crash I আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পৰা ৰক্ষা পোৱা একমাত্ৰ যাত্ৰীৰ হৃদয়ত এতিয়াও জ্বলি আছে জুই

by Staff Reporter
June 13, 2026
50
ADVERTISEMENT
Congress Nationwide campaign : দেশজুৰি বৃহৎ অভিযান কংগ্ৰেছৰ : ১৭ জুনত হ’ব আৰম্ভ
National-International

Congress Nationwide campaign : দেশজুৰি বৃহৎ অভিযান কংগ্ৰেছৰ : ১৭ জুনত হ’ব আৰম্ভ

June 13, 2026
50
Free education : স্নাতকোত্তৰ পর্যন্ত বিনামূল্যে শিক্ষা : উৰিষ্যা চৰকাৰৰ বৃহৎ ঘোষণা
National-International

Free education : স্নাতকোত্তৰ পর্যন্ত বিনামূল্যে শিক্ষা : উৰিষ্যা চৰকাৰৰ বৃহৎ ঘোষণা

June 13, 2026
50
‎Arcelor-Mittal : ইস্পাত লৈ ফ্ৰান্সৰ ৰাজনীতি গৰম : বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ষ্টীল নিৰ্মাতা আৰ্চেলৰ-মিট্টালক ৰাষ্ট্ৰীয়কৰণৰ দাবী
National-International

‎Arcelor-Mittal : ইস্পাত লৈ ফ্ৰান্সৰ ৰাজনীতি গৰম : বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ষ্টীল নিৰ্মাতা আৰ্চেলৰ-মিট্টালক ৰাষ্ট্ৰীয়কৰণৰ দাবী

June 13, 2026
50
Google : মহ মাৰিব গুগলে
National-International

Google : মহ মাৰিব গুগলে

June 13, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Congress Nationwide campaign : দেশজুৰি বৃহৎ অভিযান কংগ্ৰেছৰ : ১৭ জুনত হ’ব আৰম্ভ

Congress Nationwide campaign : দেশজুৰি বৃহৎ অভিযান কংগ্ৰেছৰ : ১৭ জুনত হ’ব আৰম্ভ

June 13, 2026
Free education : স্নাতকোত্তৰ পর্যন্ত বিনামূল্যে শিক্ষা : উৰিষ্যা চৰকাৰৰ বৃহৎ ঘোষণা

Free education : স্নাতকোত্তৰ পর্যন্ত বিনামূল্যে শিক্ষা : উৰিষ্যা চৰকাৰৰ বৃহৎ ঘোষণা

June 13, 2026
‎Arcelor-Mittal : ইস্পাত লৈ ফ্ৰান্সৰ ৰাজনীতি গৰম : বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ষ্টীল নিৰ্মাতা আৰ্চেলৰ-মিট্টালক ৰাষ্ট্ৰীয়কৰণৰ দাবী

‎Arcelor-Mittal : ইস্পাত লৈ ফ্ৰান্সৰ ৰাজনীতি গৰম : বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ষ্টীল নিৰ্মাতা আৰ্চেলৰ-মিট্টালক ৰাষ্ট্ৰীয়কৰণৰ দাবী

June 13, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx